দিল্লীৰ ৮৮ শতাংশ ব্যৱসায়ীয়ে বিচাৰে লকডাউন
নিয়মীয়া বাৰ্তা, ১৪জুনঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণত প্রতিৰোধ লগাবলৈ দেশৰ ৰাজধানী নতুন দিল্লীৰ ৮৮ শতাংশতকৈ অধিক ব্যৱসায়ীয়ে বজাৰ বন্ধ ৰখাটো বিচাৰে৷ কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্রেডার্ছ (চিএআইটি)ৰ তৰফৰ পৰা চলোৱা এক সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে৷ উল্লেখনীয় যে দেশৰ বিভিন্ন ৰাজ্যৰ লগতে ৰাজধানী দিল্লীতো ক’ভিড–১৯ মহামাৰীৰ সংক্রমণ অধিক দ্রুত হৈ পৰিছে৷ এই সংক্রমণত প্রতিৰোধ লগোৱাৰ ক্ষেত্রত দিল্লীৰ ব্যৱসায়ীসকলে বাণিজ্যিক প্রতিষ্ঠানসমূহ বন্ধৰ পোষকতা কৰি আহিছে৷ কিন্তু দিল্লী চৰকাৰে ক’ভিড–১৯ৰ সংক্রমণ অধিক দ্রুত গতিত চলি থাকিলেও পুনৰ লকডাউন ঘোষণা কৰা নহ’ব বুলি স্পষ্ট কৰিছে