নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰঃ কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্রালয়ৰ দ্বাৰা গুজৰাটৰ একতা নগৰত আয়োজিত দেশৰ আইন মন্ত্রী আৰু আইন সচিবৰ সন্মিলনত অংশগ্রহণ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ন্যায় প্রদানত বিলম্বতাই দেশৰ নাগৰিকৰ বাবে এক ডাঙৰ প্রত্যাহ্বান বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে৷ দেশৰ বিভিন্ন ৰাজ্যৰ আইন মন্ত্রী আৰু সচিবে অংশ লোৱা এই দুদিনীয়া সন্মিলনৰ উদ্বোধনী ভাষণ প্রদান কৰি প্রধানমন্ত্রী মোদীয়ে ন্যায় প্রদানত ক্ষিপ্রতাৰ প্রসংগ উল্লেখ কৰাৰ লগতে আইনী তথ্যবোৰ সহজ–সৰল অর্থাৎ আঞ্চলিক ভাষাত লিখাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷ এনে কৰিলে দুখীয়া লোকসকল লাভৱান্বিত হ’ব৷ ন্যায় প্রদানৰ ক্ষিপ্রতা সন্দর্ভত কেইবাটাও পৰামর্শ আগবঢ়োৱা প্রধানমন্ত্রী মোদীয়ে দেশৰ সমাজে স্বেচ্ছামূলকভাৱে আইনক মানি চলি আহিছে৷ কুপ্রথা আৰু পৰম্পৰাগত কিছু নীতি–নিয়মে দেশৰ প্রগতিত প্রতিবন্ধকতাৰ সৃষ্টি কৰি আহিছে বুলিও কয় প্রধানমন্ত্রী মোদীয়ে৷ ভাৰতীয় আইনী আৰু ন্যায়িক ব্যৱস্থা সম্পর্কিত বিষয়বোৰৰ নীতি প্রস্তুত কৰাসকলে বুজাৰ লক্ষ্যৰে এই সন্মিলনখন কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্রালয়ে আয়োজন কৰিছে বুলি প্রধানমন্ত্রী কার্যালয়ৰ পৰা প্রকাশ কৰিছে৷ এই সন্মিলনৰ জৰিয়তে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহে আইনী বিষয়ক লৈ নতুন ধাৰণাৰ লগতে ইখন ৰাজ্যই সিখন ৰাজ্যৰ সৈতে পাৰস্পৰিক বুজাবুজিত উপনীত হ’ব পাৰিব৷