নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচ সন্ত্ৰাসবাদীক হত্যা সেনাৰঃ শ্বহীদ হ’ল তিনি জোৱান

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ সমগ্ৰ বিশ্বতে ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত থকাৰ সময়তে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে ভাৰতবিৰোধী কাৰ্যকলাপ তীব্ৰগতিত চলাই গৈছে । পাকিস্তানৰ সমৰ্থনপুষ্ট সন্ত্ৰাসবাদীয়ে দেওবাৰে জম্মু-কাশ্মীৰৰ কেৰান ছেক্টৰত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি ভাৰতত প্ৰৱেশৰ চেষ্টা কৰাত সেনাৰ এনকাউণ্টাৰত নিহত হয় ৫ টাকৈ অনুপ্ৰৱেশকাৰী । অৱশ্যে এই সংঘৰ্ষত প্ৰাণ দিব লগা হয় ভাৰতৰ ৩ গৰাকী বীৰ সেনা জোৱানে ।

উল্লেখ্য যে, এইটো আছিল যোৱা ২৪ ঘণ্টাত সেনাৰ দ্বিতীয়টো এনকাউণ্টাৰ । শনিবাৰেও দক্ষিণ কাশ্মীৰৰ কুলগাম অঞ্চলত স্থানীয় হিজবুল মুজাহিদীনৰ ৪ টাকৈ সন্ত্ৰাসবাদীক সেনা-আৰক্ষীয়ে যুটীয়া অভিযান চলাই হত্য়া কৰিছিল । যোৱা দুসপ্তাহ ধৰি কাশ্মীৰ উপত্যকাৰ বিভিন্ন স্থানত ৬ জনকৈ স্থানীয় লোকক সন্ত্ৰাসবাদীয়ে হত্যা কৰি বিভীষিকা সৃষ্টি কৰিছিল । দেওবাৰেও নিয়ন্ত্ৰণ ৰেখাত লস্কৰ-ই-তৈবাৰ ৫ টাকৈ অনুপ্ৰৱেশকাৰী সন্ত্ৰাসবাদীক হত্যা কৰিবলৈ সক্ষম হয় সেনাবাহিনী ।

You might also like