পাকিস্তানী ভিছা লৈ কাশ্মীৰৰ পৰা সন্ধানহীন ২১৮ যুৱক
নিয়মীয়া বাৰ্তা, ২৭ জুনঃ নতুন দিল্লীস্থিত পাকিস্তানী উচ্চায়ুক্তৰ কার্যালয়ত ভাৰতবিৰোধী ষড়যন্ত্র চলাই থকাৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ দেশৰ কেইবাটাও চোৰাংচোৱা সংস্থাৰ হাতত পৰিছে এই তথ্য৷
চোৰাংচোৱা সূত্রই সদৰী কৰা অনুসৰি ২০১৭ চনৰ জানুৱাৰীৰ পৰা পাক উচ্চায়ুক্তৰ কার্যালয়ে জম্মু–কাশ্মীৰৰ ৩৯৯ যুৱকক দেশখনৰ ভিছা প্রদান কৰিছে৷ কিন্তু ইয়াৰে ২১৮জন যুৱক ক’ত আছে সেই সন্দর্ভত তথ্য নাই চোৰাংচোৱাৰ হাতত৷ পাকিস্তানী ভিছা লোৱা এই যুৱকসকল সন্ধানহীন হৈ থকা ঘটনাই সমগ্র দেশত সৃষ্টি কৰিছে চাঞ্চল্য৷ চোৰাংচোৱা সংস্থাসমূহে সন্দেহ কৰা অনুসৰি পাকিস্তানী এই যুৱকসকলক ভাৰতবিৰোধী কূটাঘাতৰ বাবে সাজু কৰিছে৷ বিশেষকৈ জম্মু–কাশ্মীৰত অস্থিৰতা সৃষ্টিৰ বাবে এই যুৱকসকলক সন্ত্রাসবাদীৰ প্রশিক্ষণ দিব পাৰে বুলি চোৰাংচোৱাই সন্দেহ কৰাৰ লগে লগে বিষয়টোক লৈ নতুন দিল্লীত চলিছে সৰৱ চর্চা৷
২০১৯ৰ ফেব্রুৱাৰীত পুলৱামা সদৃশ আত্মঘাতী আক্রমণ চলোৱাৰ বাবে পাকিস্তানে জম্মু–কাশ্মীৰত যুৱকসকলক লক্ষ্য হিচাপে বাছি লৈছে৷ বিভিন্ন প্রলোভনেৰে পাকভূমিলৈ নি এই যুৱকসকলক সন্ত্রাসবাদৰ প্রশিক্ষণ দিয়াৰ উপৰি অত্যাধুনিক মাৰণাস্ত্র আৰু বিস্ফোৰকেৰে কাশ্মীৰভূমিত ৰক্তক্ষয়ী সংঘর্ষৰ পৰিকল্পনা চলাইছে বুলিও আজি এক চোৰাংচোৱা সূত্রই সতর্কবাণী কৰিছে৷ লক্ষণীয়ভাৱে পাকিস্তানে প্রশিক্ষণ দি থকা এনে যুৱক সন্দর্ভত দেশখনৰ চৰকাৰে তেওঁলোকক স্থানীয় প্রতিৰোধী যোদ্ধা আখ্যা দিছে৷
নতুন দিল্লী প্রশাসনৰ সকলো অভিযোগ ইছলামাবাদে অগ্রাহ্য কৰিছে যদিও বিভিন্ন সময়ত কাশ্মীৰভূমিত পাকিস্তানৰ পৰা অহা স্থানীয় সন্ত্রাসবাদী নিহত হোৱাৰ পাছত পাক চৰকাৰৰ মিথ্যাচাৰ ওলাই পৰিছে৷ বিগত কেইটামান মাহত পাকিস্তানৰ পৰা ভাৰতভূমিত প্রৱেশৰ প্রচেষ্টা চলোৱা বহু সন্ত্রাসবাদীৰ পৰিকল্পনা ব্যর্থ কৰিছে নিৰাপত্তা বাহিনীয়ে৷ পাক উচ্চায়ুক্তৰ কার্যালয়ৰ পৰা ভিছা লৈ দেশখনলৈ যোৱা কেইবাটাও সন্ত্রাসবাদী কাশ্মীৰত নিৰাপত্তা বাহিনীৰ হাতত নিহত হোৱাৰ পাছতে এই বিষয়টোক লৈ ভাৰতজুৰি প্রতিক্রিয়াৰ সৃষ্টি হৈছে যদিও নতুন দিল্লীৰ প্রশাসনে এইক্ষেত্রত নির্লিপ্ত ভূমিকা গ্রহণ কৰিছে৷
স্মর্তব্য যে যোৱা ৫ এপ্রিলত কাশ্মীৰ উপত্যকাত নিহত ৫টা সন্ত্রাসবাদীৰ তিনিটাই আছিল এনেদৰে পাকিস্তানী ভিছা লাভ কৰি দেশখনত প্রশিক্ষণ লোৱা সন্ত্রাসবাদী সংগঠনৰ সদস্য৷ এই সন্ত্রাসবাদীকেইটা আছিল আদিল হুছেইন মিৰ, উমৰ নাজিৰ খান আৰু ছাজ্জাদ আহমেদ৷ তিনিওটা সন্ত্রাসবাদীয়ে ২০১৮ৰ এপ্রিলত নতুন দিল্লীস্থিত পাক উচ্চায়ুক্তৰ কার্যালয়ৰ পৰা ভিছা লাভ কৰিবলৈ সক্ষম হৈছে৷ স্মর্তব্য যে ভাৰতে নতুন দিল্লীস্থিত পাক উচ্চায়ুক্তৰ কার্যালয়ক সন্ত্রাসবাদীক ইন্ধন যোগোৱা এক অনুষ্ঠান আখ্যা দিয়াৰ উপৰি কার্যালয়ৰ বহু কর্মী ভাৰতৰ নিৰাপত্তা ক্ষেত্রৰ গুৰুত্বপূর্ণ তথ্য চুৰিৰ ঘটনাত জড়িত থকা বুলি অভিযোগ কৰি চলিত সপ্তাহত কার্যালয়টোৰ কর্মীৰ সংখ্যা ৫০ শতাংশ হ্রাস কৰিবলৈ নির্দেশ দিছিল৷
অৱশ্যে অনুৰূপ পদক্ষেপ গ্রহণ কৰিছে পাক চৰকাৰেও৷ ইছলামাবাদস্থিত ভাৰতীয় উচ্চায়ুক্তৰ কার্যালয়ৰ পৰাও হ্রাস কৰাৰ নির্দেশ দিয়া হৈছে ৫০ শতাংশ কর্মী৷ ইতিমধ্যে কেইবাগৰাকীও উচ্চায়ুক্তৰ কার্যালয়ৰ পাকিস্তানী কর্মী জম্মু–কাশ্মীৰত সন্ত্রাসবাদী কাণ্ডত জড়িত থকাৰ তথ্য ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (নিয়া)ৰ হাতত পৰিছে৷