নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুটিনক লগ কৰা চিকিৎসক আক্ৰান্ত ক’ৰোনা ভাইৰাছত

নিয়মীয়া বাৰ্তা ২ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ
পুটিন। মস্কোৰ মূল ক’ৰোনা ভাইৰাছ হাস্পতাল যোৱা সপ্তাহত পৰিদৰ্শনৰ ক্ষেত্ৰত পুটিনক সুযোগ
দিছিল এগৰাকী চিকিৎসকে। পুটিনে হাস্পাতলখন পৰিদৰ্শন কৰাৰ সময়ত একেলগে আছিল এই
চিকিৎসকগৰাকী। বৰ্তমান চিকিৎসকগৰাকী মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হৈছে। ডেনিছ
প্ৰটছেংকো নামৰ চিকিৎসকৰ গৰাকীয়ে ক’ৰোনাৰ চিকিৎসা গ্ৰহণ কৰাৰ পাছতে ৰুছ ৰাষ্ট্ৰপতি পুটিন এই ভাইৰাছবিধৰ দ্বাৰা সংক্ৰমিত হোৱাৰ আশংকা আছে বুলি কেইবাগৰাকীয়েও বিশেষজ্ঞ চিকিৎসকে সংবাদ মাধ্যমক জনাইছে। স্মৰ্তব্য যে পূৰ্বে মস্কো প্ৰশাসনে সকলো ধৰণৰ ভাইৰাছ
আৰু অসুস্থতাৰ পৰা ৰাষ্ট্ৰপতি পুটিন মুক্ত বুলি এক বিবৃতিযোগে ঘোষণা কৰিছিল। কিন্তু চিকিৎসকগৰাকী আক্ৰান্ত হোৱাৰ লগে লগে পুটিনৰ স্বাস্থ্যক লৈ সৃষ্টি হৈছে আশংকা।

You might also like