নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতি ৩০ ঘণ্টাত বিশ্বত এজনকৈ বিলিয়নাৰৰ সৃষ্টি

নিয়মীয়া বাৰ্তা, ২৪ মে : ক’ভিড–১৯ মহামাৰীয়ে বিধ্বস্ত কৰি তুলিছে গোলকীয় অর্থনীতি৷ বিধ্বস্ত কৰি তুলিছে সমাজ জীৱন৷ দৰিদ্রৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ ধনাঢ়্য ব্যক্তিৰ সংখ্যা বৃদ্ধি পাইছে৷ সমাজত শ্রেণী বৈষম্য বৃদ্ধি পাইছে৷ মহামাৰী ক’ভিডে বিশ্বজুৰি সৃষ্টি কৰা হাহাকাৰ পৰিস্থিতিৰ সময়ত অর্থনীতিৰ বিধ্বস্ত ৰূপক লৈ অক্সফাম ইণ্টাৰনেচনেলে প্রকাশ কৰা প্রতিবেদনত বিশ্বৰ এখন নিদাৰুণ ছবি প্রতিফলিত হৈছে৷ ডেভছত অনুষ্ঠিত হ’বলগীয়া ৱ’ল্ড ইক’নমিক ফ’ৰামৰ বার্ষিক বৈঠক–২০২২ৰ প্রাক্মুহূর্তত কালি অক্সফাম ইণ্টাৰনেচনেলে প্রতিবেদন প্রকাশ কৰিছে৷ ‘চকুলোৰ মুনাফা’ (প্রফিটিং ফ্রম পেইন) শীর্ষক প্রতিবেদন মতে, ক’ভিডৰ সময়ত প্রতি ৩০ ঘণ্টাত এজনকৈ বিলিয়নাৰ বিশ্বত সৃষ্টি হৈছে৷ ঠিক তেনেদৰে দৰিদ্রতাৰ ছবিখন পূর্বতকৈ অধিক ভয়াৱহ হৈ উঠিছে৷ প্রতিবেদন মতে, প্রতি ৩৩ ঘণ্টাত বিশ্বজুৰি ১০ লাখ লোক চৰম দৰিদ্রতাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ অর্থাৎ প্রতি ৩৩ ঘণ্টাত ১০ লাখ লোক অতি দৰিদ্র হৈ পৰিছে৷ ‘চকুলোৰ মুনাফা’ শীর্ষক প্রতিবেদনখনত বিগত দশকৰ ভিতৰত অত্যাৱশ্যকীয় সামগ্রিৰ মূল্য অতি দ্রুতগতিত বৃদ্ধি হোৱা বুলি উল্লেখ কৰা হৈছে৷ খাদ্য আৰু শক্তিখণ্ডত প্রতি দুদিনত বিলিয়নাৰসকলে ১ বিলিয়ন মার্কিন ডলাৰকৈ উপার্জন কৰিবলৈ সক্ষম হৈছে৷ ৰাজহুৱা–ব্যক্তিগত অংশীদাৰিত্বৰ আন্তর্জাতিক সংগঠন ৱ’ল্ড ইক’নমিক ফ’ৰামৰ বৈঠকৰ পূর্বে অক্সফাম ইণ্টাৰনেচনেলে প্রকাশ কৰা প্রতিবেদন অনুসৰি ক’ভিডৰ সময়ত প্রতি ৩০ ঘণ্টাত এজনকৈ বিলিয়নাৰৰ সৃষ্টি হৈ বিশ্বত ৫৭৩জন নতুন বিলিয়নাৰৰ সৃষ্টি হৈছে৷ আনপিনে প্রতি ৩৩ ঘণ্টাত ১০ লাখকৈ লোক দৰিদ্রতাৰ সন্মুখীন হৈ ২৬ কোটি লোক অতি দৰিদ্র হৈছে৷ ক’ভিড–১৯ৰ প্রথম ২৪ মাহত বিলিয়নাৰৰ সম্পত্তি বিগত ২৩ বছৰত যিমান বৃদ্ধি হৈছিল, সিমান হৈছে৷ অর্থাৎ ২৩ বছৰত বিলিয়নাৰে যিমান সম্পত্তি গঢ়িছিল, সিমান পৰিমাণৰ সম্পত্তি মাত্র ২৪ মাহতে গঢ়িবলৈ সক্ষম হৈছে৷ ২০০০ চনত বিশ্বৰ মুঠ ঘৰুৱা উৎপাদন (জি ডি পি)ৰ ৪.৪ শতাংশ সম্পত্তি বিলিয়নাৰৰ আছিল৷ কিন্তু মহামাৰী ক’ভিডে বিলিয়নাৰৰ সম্পত্তি বিপুল পৰিমাণত বৃদ্ধি কৰিছে৷ অর্থাৎ বিশ্ব নাগৰিকৰ যন্ত্রণাৰ মাজতে বিলিয়নাৰসকলৰ সম্পত্তি আন্তর্জাতিক জি ডি পিৰ ১৩.৯ শতাংশ সম্পত্তি বাঢ়িল৷ বিলিয়নাৰসকলে কঠিন পৰিশ্রম কৰাৰ বাবেই যে সম্পত্তি বাঢ়িছে তেনে নহয়, বিলিয়নাৰসকলৰ সম্পত্তি বৃদ্ধি হৈছে শ্রমিকসকলে কঠিন পৰিশ্রম কৰাৰ পাছতো কম দৰমহা পোৱা, দুর্বিষহ পৰিস্থিতিত কাম কৰিবলগীয়া হোৱা বাবেই৷ তথ্য মতে, বিদ্যুৎখণ্ডত বিশ্বৰ ৫টা বৃহত্তম কোম্পানী বি পি, চেল, টটেল এনার্জিছ, এক্সন আৰু ছেভৰনে মিলি প্রতি ছেকেণ্ডত ২,৬০০ মার্কিন ডলাৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ আনপিনে খাদ্যখণ্ডত ৬২জন নতুন বিলিয়নাৰৰ সৃষ্টি হৈছে৷ তিনিটা কোম্পানীয়ে মিলি বিশ্বৰ কৃষি আৰু খাদ্য বজাৰখন দখল কৰিছে৷ ইয়াৰ ভিতৰত কার্গিল পৰিয়ালে আন্তর্জাতিক কৃষি বজাৰৰ ৭০ শতাংশ নিয়ন্ত্রণত ৰাখিবলৈ সক্ষম হৈছে৷ এই পৰিয়ালটোতে এতিয়া ১২জন বিলিয়নাৰ৷

You might also like