নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রিয়ংকাৰ গোৱা ভ্রমণৰ সময়তে কেইবাগৰাকীও কংগ্রেছ নেতাৰ পদত্যাগ

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ:  আগন্তুক গোৱা বিধানসভা নির্বাচনৰ পূর্বে কেন্দ্রীয়শাসিত ৰাজ্যখনত তীব্র সংকটৰ সন্মুখীন হৈছে কংগ্রেছ৷ আজি কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধীয়ে গোৱা ভ্রমণ কৰাৰ সময়তে দলটোৰ কেইবাগৰাকীও নেতা আৰু কর্মীয়ে পদত্যাগ কৰিছে৷ আগন্তুক নির্বাচনৰ বাবে প্রার্থী বাছনিৰ ক্ষেত্রত ক্ষোভ উজাৰিছে বহু কংগ্রেছ কর্মীয়ে৷ আনফালে, নির্বাচনত কংগ্রেছে বিভিন্ন দলৰ সৈতে মিত্রতা কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধ কৰিছে দলটোৰ বহু নেতা–কর্মীয়ে৷ প্রিয়ংকা গান্ধীয়ে আজি দলীয় কর্মীসকলৰ কেইবাখনো সভাত অংশগ্রহণ কৰাৰ সময়তে কেন্দ্রীয়শাসিত ৰাজ্যখনৰ পৰৱৰিম বিধানসভা সমষ্টিৰ কেইবাগৰাকীও নেতাই পদত্যাগ কৰে৷ পদত্যাগ কৰা কংগ্রেছৰ এই নেতা–কর্মীসকলক সমর্থন জনাইছে নির্দলীয় বিধায়ক ৰোহান খাউণ্টেই৷ বিধায়কগৰাকীয়ে উল্লেখ কৰা অনুসৰি, আগন্তুক বর্ষত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্রত কংগ্রেছে এতিয়াও বিশেষ গুৰুত্ব প্রদান কৰা নাই৷ লক্ষণীয়ভাৱে গোৱা কংগ্রেছৰ প্রভাৰী হিচাপে দলৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমক ৰখা হৈছে যদিও নেতাগৰাকীয়ে ৰাজ্যিক নেতৃত্বত চলি থকা মতানৈক্যৰ অৱসান ঘটোৱাৰ ক্ষেত্রত কোনোধৰণৰ চিন্তা–চর্চা চলোৱা নাই৷

You might also like