নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ তামিলনাডু বিধানসভাই সোমবাৰে ৰাজ্যখনৰ বিভিন্ন বিশ্ববিদ্যালয়ত উপাচার্য নিযুক্তি দিয়াৰ ক্ষমতা ৰাজ্য চৰকাৰৰ হাতলৈ আনিবলৈ এক বিধেয়কত অনুমোদন জনাইছে৷ লক্ষণীয়ভাৱে এই বিষয়টোত সাধাৰণতে ৰাজ্যৰ ৰাজ্যপালৰ অধিকাৰ থাকে৷ উচ্চশিক্ষা মন্ত্রী কে পনমুদিয়ে কালি বিধানসভাত দাখিল কৰে এই বিধেয়কখন৷ তামিলনাডু বিশ্ববিদ্যালয় আইনৰ সংশোধনী ঘটাবলৈ এই বিধেয়কখন দাখিল কৰা হয়৷ বিধেয়কখন অনুসৰি তামিলনাডু চৰকাৰে এতিয়াৰে পৰা ৰাজ্যখনৰ বিশ্ববিদ্যালয়ত উপাচার্য নিযুক্তি দিয়াৰ ক্ষমতা লাভ কৰিব৷ বিজেপিয়ে এই বিধায়কখনৰ বিৰোধিতা কৰে যদিও চৰকাৰে এইক্ষেত্রত বিশেষ গুৰুত্ব প্রদান নকৰিলে৷