নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ ভিতৰতে বায়ু প্রদূষণৰ হাৰ বেছি ভাৰতৰ মহানগৰত

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ বিশ্বৰ আটাইতকৈ বেছি প্রদূষিত মহানগৰ আছে ভাৰতত৷ ২০১৯ৰ ৱ’ল্ড এয়াৰ কোৱালিটী প্রতিবেদনত প্রকাশ পাইছে এই তথ্য৷ বায়ু প্রদূষণৰ বিৰুদ্ধে মোদী চৰকাৰে বিশেষ ব্যৱস্থা গ্রহণ কৰিব বুলি ঘোষণা কৰিছিল যদিও দেশৰ ৰাজধানী নতুন দিল্লীৰ বায়ু প্রদূষণ বিগত পাঁচটা বছৰত অধিক বৃদ্ধি পাইছে৷ বিশ্বৰ আটাইতকৈ প্রদূষিত মহানগৰৰ ভিতৰত দিল্লী আছে পঞ্চম স্থানত৷

উল্লেখনীয় যে কেইবাখনো চীনৰ মহানগৰৰ বায়ু প্রদূষণ লক্ষণীয়ভাৱে হ্রাস পাইছে৷ আটাইতকৈ বায়ু প্রদূষিত মহানগৰৰ ভিতৰত বেইজিং আছিল অন্যতম৷ কিন্তু শেহতীয়া এই প্রতিবেদন অনুসৰি বেইজিঙৰ বায়ু প্রদূষণ যথেষ্ট হ্রাস পাইছে৷ দিল্লী আৰু গাজিয়াবাদ ২০খন অত্যধিক প্রদূষিত মহানগৰৰ ভিতৰত আছে৷ আইকিউএয়াৰ এয়াৰভিজুৱেলৰ তৰফৰ পৰা প্রকাশিত প্রতিবেদন অনুসৰি ভাৰত, চীন আৰু এছিয়াৰ দেশসমূহত বায়ু প্রদূষণ আটাইতকৈ বেছি৷ স্মর্তব্য যে বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি প্রতি বছৰে বায়ু প্রদূষণৰ বাবে সমগ্র পৃথিৱীত ৭ নিযুত লোকে প্রাণ হেৰুৱাবলগীয়া হয়৷

You might also like