নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রহ্মপুত্র ৰিভাৰ প্রজেক্টলৈ চীন–বাংলাদেশৰ সন্মতি

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি আৰম্ভ হ’বলগীয়া অসম আভ্যন্তৰীণ জল পৰিবহণ প্ৰকল্পলৈ বিনা আপত্তিৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰিছে চীন আৰু বাংলাদেশে । বিশ্ববেংকৰ অৰ্থ সাহাৰ্যৰে ৰূপেয়ণ কৰিবলগীয়া এই প্ৰকল্পৰ ক্ষেত্ৰত নদীখন সংলগ্ন দেশসমূহৰ বিনা আপত্তিৰ প্ৰমাণ-পত্ৰ লোৱাটো বাধ্যতামূলক আছিল৷

যিহেতু ব্রহ্মপুত্র এখন আন্তঃৰাষ্ট্রীয় নদী, গতিকে অসমৰ এই অভিলাষী প্রকল্পৰ ক্ষেত্রত চীন আৰু বাংলাদেশৰ ভূমিকাও লক্ষণীয় হৈ পৰিছিল৷ কিন্তু দুয়োখন দেশে অনুমোদন প্রদান কৰাৰ লগে লগে এই প্রকল্পৰ পথ সুচল হৈ পৰিল৷

উল্লেখ্য যে ব্রহ্মপুত্র অৱবাহিকাই চাৰিখন দেশৰ মুঠ ৫,৮০,০০০ বর্গ কিলোমিটাৰ পথ আৱৰি আছে৷ ইয়াৰে চীনৰ ৫০ শতাংশ, ভাৰতবর্ষৰ ৩৪ শতাংশ, বাংলাদেশৰ ৮ শতাংশ আৰু ভূটানৰ ৮ শতাংশ অঞ্চলৰ মাজেৰে ব্রহ্মপুত্র আৰু ইয়াৰ উপনৈসমূহ বৈ গৈছে৷ আনহাতে, অসম তথা সমগ্র উত্তৰ–পূর্বাঞ্চলে দেশৰ মুঠ ভূ–খণ্ডৰ ৫.৯ শতাংশ অঞ্চল আৱৰি আছে৷ বিশ্ববেংকৰ মতে আভ্যন্তৰীণ জল পৰিবহণৰ জৰিয়তে দেশসমূহৰ মাজত সম্পর্কৰ উন্নতি কৰিব৷ লগতে জলপথৰ সর্বোচ্চ ব্যৱহাৰৰ পথো মোকলাব৷

বিশ্ববেংকে পৰৱর্তী এটা মাহৰ ভিতৰত অসম আভ্যন্তৰীণ জল পৰিবহণ প্রকল্পৰ সকলো যাৱতীয় অনুমোদন সম্পূর্ণ কৰিব৷ এই অভিলাষী প্রকল্প সম্পর্কীয় প্রতিবেদনত বিশ্ববেংকৰ তৰফৰ পৰা কোৱা হয় যে প্রকল্পটোৰ সকলো পৰিকল্পনা, ডিজাইনৰ ক্ষেত্রত এই দিশত গুৰুত্ব প্রদান কৰা হ’ব, যাতে জল পৰিবহণৰ বাবে নদীসমূহ কোনোধৰণে প্রদূষিত নহয়৷ লগতে ব্রহ্মপুত্র সংলগ্ণ দেশসমূহৰ কোনো ক্ষতি নোহোৱাকৈ ব্রহ্মপুত্র আৰু বৰাকৰ জলপথৰ সম্ভাৱনাৰ সর্বোচ্চ ব্যৱহাৰ কৰা হ’ব৷ লগতে চীন আৰু বাংলাদেশৰ লগত বাণিজ্য আৰু পৰিবহণ সম্পর্কীয় চুক্তিও স্বাক্ষৰ কৰা হ’ব৷

You might also like