নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাগৱন্ত মানক বিমানৰ পৰা নমাই দিয়া ঘটনাৰ তদন্ত হ’ব !

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰ: পঞ্জাবৰ মুখ্যমন্ত্রী ভাগৱন্ত মানক জার্মানীৰ ফ্রাংকফুর্টত বিমানৰ পৰা নমাই দিয়া হৈছিল নে নাই সেই বিষয়টো সন্দর্ভত তদন্ত কৰিব ভাৰতৰ অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে৷ অসামৰিক বিমান পৰিবহণমন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই এই কথা ঘোষণা কৰিছে৷ উল্লেখনীয় যে ফ্রাংকফুর্টৰ পৰা দিল্লী অভিমুখী লুফৎ হানছাৰ বিমানৰ পৰা মানক নমাই দিয়া হৈছিল বুলি অভিযোগ উঠিছে৷ পঞ্জাবৰ মুখ্যমন্ত্রীগৰাকী সুৰামত্ত অৱস্থাত থকা বাবেই বিমানৰ পৰা নমাই দিয়া হৈছিল বুলি বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে৷ এই ঘটনাক লৈ উত্তাল হৈ আছে দেশ৷

You might also like