ভাৰতত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ১৯,০৪০লৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ দেশজুৰি ভয়াৱহ ৰূপ ধাৰণ কৰিছে ক’ভিড-১৯-এ। দেশজুৰি আক্ৰান্ত হৈছে ১৯,০৪০জন লোক আৰু মৃত্যুৰ মুখত পৰিছে ৬০৫জনকৈ লোক। দ্ৰুতগতিত দেশত সংক্ৰমিত হৈছে এই ভাইৰাছ। মহাৰাষ্ট্ৰত ক’ৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা সৰ্বাধিক। প্ৰায় ৪,৬৬৬জন লোক আক্ৰান্ত হৈছে। সমগ্ৰ বিশ্বজুৰি আক্ৰান্ত হৈছে প্ৰায় ২৫ লাখৰো অধিক লোক আৰু মৃত্যু হৈছে ১লাখ ৭০ হাজাৰৰো অধিক। আনহাতে অসমত ক’ভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৪জন লোক।