ভাৰতীয় পৰম্পৰা ‘নমস্কাৰ’ক আদৰিলে ড’নাল্ড ট্রাম্পে
নিয়মীয়া বাৰ্তা ১৪ মাৰ্চঃ ক’ৰোনা ভাইৰাছৰ সংহাৰী ৰূপে মানুহক পৰস্পৰৰ মাজত শুভেচ্ছা বা আদৰণি জনোৱাৰ প্রথাবোৰ সলনি কৰিবলৈ বাধ্য কৰাইছে৷ স্পর্শৰ জৰিয়তে ক’ৰোনা ভাইৰাছৰ বিস্তাৰ ঘটিব পাৰে বুলি আশংকা কৰিয়েই বহু বিদেশী ৰাষ্ট্রৰ শীর্ষ নেতাসকলে কৰমর্দনৰ পৰম্পৰা পৰিহাৰ কৰিছে৷ শেহতীয়াকৈ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে কৰমর্দনৰ পৰিৱর্তে নমস্কাৰ দিয়াৰ প্রথা গ্রহণ কৰিছে৷ ভাৰতীয় এই প্রথা গ্রহণ কৰা বিশ্বৰ মহাপৰাক্রমী ৰাষ্ট্রখনৰ শীর্ষ নেতাগৰাকীৰ আলোকচিত্র সংবাদ মাধ্যমত মুকলি হোৱাৰ পাছতে বিষয়টোক লৈ বিশেষ চর্চা চলিছে৷ স্মর্তব্য যে অকল ড’নাল্ড ট্রাম্পেই নহয়, ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহু, ফৰাচী ৰাষ্ট্রপতি ইমানুৱেল মেক্র’ন আৰু ব্রিটিছ ৰাজকুমাৰ চার্লছেও নমস্কাৰ দিয়াৰ পৰম্পৰাক আঁকোৱালি লৈছে৷ পাশ্চাত্যৰ চাহাবী কায়দা সলনি কৰিবলৈ বাধ্য হৈছে এই নেতাসকলে৷ এতিয়া ক’ৰোনামুক্ত পৃথিৱীৰ বাবেই ভাৰতীয় নমস্কাৰ হৈ পৰিছে সকলোৰে বাবে আদৰণীয়৷