নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ৰে’লৱেৰ সিদ্ধান্ত : এজেণ্ট–বিক্রেতাৰ পৰা টিকট ক্রয় বন্ধ

নিয়মীয়া বাৰ্তা, ১৪ মার্চঃ ভাৰতীয় ৰে’লৱেই যাত্রীৰ টিকট বুকিঙৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে ৷ সেই অনুসৰি আগন্তুক সময়ত এজেণ্ট আৰু বিক্রেতাৰ জৰিয়তে ৰে’লৱেৰ টিকট বিক্রীৰ ব্যৱস্থা বন্ধ কৰিব ৷ শুকুৰবাৰে লোকসভাত কেন্দ্রীয় ৰে’লমন্ত্রী পীয়ূষ গোৱেলে এই ঘোষণা কৰিছে ৷ লোকসভাত ৰে’লমন্ত্রী গোৱেলে কয় যে দেশৰ ঘৰে ঘৰে এতিয়া বহুতৰে হাতত স্মার্টফোন ৷ সেয়েহে আইআৰচিটিচি এপ ব্যৱহাৰ কৰি ম’বাইল ফোনেৰে যাত্রীয়ে নিজেই সহজে ৰে’লৰ টিকট ক্রয় কৰিব পাৰে ৷ লোকসভাত সাংসদসকলক উদ্দেশ্যি মন্ত্রীজনে কয় যে দুর্নীতি আৰু এজেণ্ট–বিক্রেতাৰ সৈতে যোগসূত্র নাইকিয়া কৰিবৰ বাবে বিভিন্ন পন্থা গ্রহণ কৰিছে ৷ টিকট বিক্রীৰ ক্ষেত্রত হোৱা দুর্নীতিৰ বাবে বহু লোকক গ্রেপ্তাৰ কৰা বুলিও জনায় মন্ত্রীজনে৷ প্রয়োজনীয় স্থানত ষ্ট’পেজ সৃষ্টি কৰা আৰু অপ্রয়োজনীয় ষ্ট’পেজ নাইকিয়া কৰি ৰে’লৰ যাত্রাৰ সময় কম কৰাৰো সিদ্ধান্ত লোৱা বুলি জনায় মন্ত্রী গোৱেলে ৷

You might also like