নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ প্রতিৰক্ষা সচিব ক’ভিড–১৯ত আক্রান্ত

নিয়মীয়া বাৰ্তা, ৫ জুনঃ  বিশ্বব্যাপী ক’ভিড–১৯ সংক্রমণৰ ভয়াৱহতা অব্যাহত আছে৷ আক্রান্তৰ তালিকাত শীর্ষস্থানত থকা ১০খন দেশৰ ভিতৰত সপ্তম স্থানত থকা ভাৰতত আক্রান্তৰ সংখ্যা দ্রুতগতিত বর্ধিত হৈ আছে৷ বুধবাৰে প্রথমবাৰৰ বাবে এদিনতে ৯,৩০৬জন আক্রান্ত হোৱাৰ বিপৰীতে সর্বাধিক ২৫৮জনে প্রাণ হেৰুওৱাৰ পিছত কালিও দেশখনত আক্রান্তৰ সংখ্যা বৃদ্ধি হৈছে৷ আক্রান্তৰ তালিকাত সপ্তম স্থানত থাকিলেও দেশখনত প্রতিদিনে আক্রান্তৰ সংখ্যাত তৃতীয় স্থানত আছে৷

কেন্দ্রীয় প্রতিৰক্ষা বিভাগৰ সচিব অজয় কুমাৰৰ দেহত ক’ভিড–১৯ পজিটিভ নিশ্চিত হোৱাৰ পিছতেই মন্ত্রালয়ত হাহাকাৰ লাগিছে৷ প্রতিৰক্ষা সচিব কুমাৰৰ বর্তমান স্বাস্থ্য সুস্থিৰ যদিও তেওঁৰ সৈতে সম্পর্কিত লোকৰ নিৰীক্ষণ আৰু পৰীক্ষণ চলাই আছে৷ ইতিমধ্যে দক্ষিণ ব্লকস্থিত মন্ত্রালয়ৰ মুখ্য কার্যালয়ৰ অতিকমেও ৩৫জন বিষয়াক হোম কোৱাৰেণ্টাইনত ৰখা হৈছে৷ তাৎপর্যপূর্ণ যে সচিব কুমাৰ ক’ভিড–১৯ত আক্রান্ত হোৱাৰ বাবে প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং কালি মন্ত্রালয়ৰ বৈঠকত উপস্থিত থকা নাছিল৷

আনপিনে কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রালয়তো দুজন কর্মচাৰী ক’ভিড–১৯ত আক্রান্ত হোৱাত শ্রম শক্তি ভৱন দুদিনলৈ বন্ধ কৰি দিয়া হৈছে৷ ক’ভিড–১৯ত আক্রান্তৰ তালিকাত দেশৰ ভিতৰত দ্বিতীয় স্থানত থকা তামিলনাডুত আজি এদিনত সর্বাধিক ১৩০০তকৈ অধিক লোক আক্রান্ত হোৱাত মুঠ আক্রান্তৰ সংখ্যা ২৭ হাজাৰ অতিক্রম কৰিলে৷ ৰাজ্যখনত ডি এম কেৰ বিধায়ক এগৰাকী ক’ভিড–১৯ত আক্রান্ত হৈ বর্তমান সংকটজনক অৱস্থাত ভেণ্টিলেটৰৰ সহায়ত চিকিৎসাধীন হৈ আছে৷ ৬১ বছৰীয়া ডি এম কেৰ জ্যেষ্ঠ নেতা তথা বিধায়কগৰাকীৰ চেন্নাইৰ ডাঃ ৰেলা ইনষ্টিটিউট অৱ মেডিকেল চেণ্টাৰত চিকিৎসা চলাই থকা হৈছে৷ দেশৰ ভিতৰত সর্বাধিক আক্রান্ত মহাৰাষ্ট্রত কালিও ২,৯৩৩জন লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ইয়াকে লৈ ৰাজ্যখনত আক্রান্তৰ সংখ্যা ৭৭,৭৯৩লৈ বৃদ্ধি হৈছে৷

You might also like