নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃত্যুক সাবটিলে পাঁচগৰাকী ক’ৰোনা ৰোগীয়ে

নিয়মীয়া বাৰ্তা, ২৯ মেঃ বাংলাদেশৰ ৰাজধানী ঢাকাৰ হাস্পতাল এখনৰ এক ক’ৰোনা ইউনিটত সংঘটিত শোকাৱহ অগ্নিকাণ্ডত পাঁচগৰাকী ৰোগীৰ মৃত্যু হৈছে৷ কালি নিশা এই অগ্ণিকাণ্ড সংঘটিত হয় ঢ়াকাত ইউনাইটেড হাস্পতালৰ ক’ৰোনা ইউনিটত৷ অগ্ণিকাণ্ডৰ ফলত পাঁচগৰাকী ক’ৰোনা ৰোগীৰ মৃত্যু হোৱাৰ উপৰি কেইবাজনো আহত হৈছে৷ মৃত্যু হোৱা লোকসকলক মহম্মদ মাহবুব (৫০), মণিৰ হোছেন (৭৫), ভেৰন এন্থনী পল (৭৪), খোদেজা বেগম (৭০) আৰু ৰিয়াজুল আলম বুলি চিনাক্ত কৰা হৈছে৷ উল্লেখ্য যে হাস্পতালৰ মূল ভৱনৰ বাহিৰৰ আইছ’লেচন ৱার্ডত এই অগ্ণিকাণ্ডৰ সূত্রপাত ঘটিছিল বুলি চিকিৎসক সাগুফা আনোৱাৰে সংবাদ মাধ্যমক জনাইছে৷

You might also like