নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যানমাৰৰ বিদ্যালয়ত সেনাৰ নির্বিচাৰ গুলীচালনাত ১১ শিশু নিহত

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰ: গৃহযুদ্ধত ৰক্তাক্ত ম্যানমাৰত অব্যাহত আছে সেনাৰ নির্বিচাৰ আতিশয্য৷ শুকুৰবাৰে সেনাৰ হেলিকপ্ঢাৰৰ পৰা এখন বিদ্যালয়ত জধে–মধে গুলী চলোৱাৰ ফলত কমপক্ষেও ১১টা শিশু নিহত হোৱাৰ উপৰি অন্য ১৭জন গুৰুতৰভাৱে আহত হৈছে৷ ম্যানমাৰৰ ছাগাইং অঞ্চলৰ লেট য়েট নামৰ গাঁওখনৰ এক বৌদ্ধ মঠত সন্ত্রাসবাদীয়ে আশ্রয় লৈ থকা বুলি সন্দেহ কৰি গুলী চলাইছিল সেনাই৷ লক্ষণীয়ভাৱে সন্ত্রাসবাদীয়ে এই শিক্ষানুষ্ঠানত আশ্রয় লৈ কূটাঘাতৰ পৰিকল্পনা চলোৱা বুলি সামৰিক বাহিনীয়ে খবৰ লাভ কৰিছিল৷ তেতিয়াই কোনোধৰণৰ তদন্ত নকৰি নির্বিচাৰভাৱে বিদ্যালয়খনত গুলীচালনা কৰে সেনাই৷ এতিয়াও আহত ১৭ শিশু সন্ধানহীন হৈ থকা বুলি ঘোষণা কৰিছে ৰাষ্ট্রসংঘৰ সংস্থা ইউনিচেফে৷

You might also like