লকডাউনক লৈ কংগ্ৰেছ নেতা কপিল ছিব্বালৰ প্ৰধানমন্ত্ৰীক আক্ৰমণ
নিয়মীয়া বাৰ্তা ২৯ মাৰ্চঃ দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ আক্ৰমণ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কপিল ছিব্বালে। কপিলে ছিব্বালে টুইট কৰি কয় যে ২১ দিন ধৰি সমগ্ৰ ৰাষ্ট্ৰতে লকডাউন ঘোষণা কৰাৰ আগতে কিয় কোনো ধৰণৰ ব্যৱস্থা নোহোৱাকৈ আৰু তাৎক্ষণিক ভাৱে
বলৱৎ কৰা হল। লগতে ছিব্বলে প্ৰশ্ন কৰে যে মোডী কিয় জনতা কাৰ্ফিউ ৰ কাৰণে চাৰি দিনৰ আগতে জাননী আৰু ২১ দিনৰ লকডাউনৰ কাৰণে মাত্ৰ চাৰিঘণ্টাতে ঘোষণা কৰিলে। তাৰ আগতে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহল। প্ৰবাসী সকলে বিনা ভোজনৰে নিজৰ ঘৰ পাবলৈ ২০০ কিঃমিঃ লৈকে খোজকাঢ়ি গৈ আছে।
Modiji why :
1)For “ janata curfew “ 4 day notice
For 21-day lockdown 4 hours notice2) No preparations in advance before lockdown
3) Migrants , jobless walking up to 200km to reach home without food , shelter
4) Lakhs stranded on highways
Clueless and incompetent !
— Kapil Sibal (@KapilSibal) March 29, 2020