নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনৰ বাবে দেশত ক’ৰোনাৰ সংক্ৰমণ হ্ৰাস- আইচিএমআৰ

নিয়মীয়া বাৰ্তা ১০ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশত লকডাউন ঘোষণা কৰাৰ কাৰণে ক’ৰোনা সংক্ৰমণ অন্য দেশৰ তুলনাত যথেষ্ট পৰিমাণে হ্ৰাস পাইছে। মেডিকেল গৱেষণা কৰা সংস্থা আইচিএমআৰ ৰ তৰফৰ পৰা কৰা এক অধ্যয়নৰ মতে যদি দেশত লকডাউন ঘোষণা ন়হ’লহৈ তেতিয়া ১৫ এপ্ৰিললৈকে সমগ্ৰ দেশতে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৮ লাখ ২০ হাজাৰ জনলৈ বৃদ্ধি পালে হয়। যদিও লকডাউনৰ বাবে সংক্ৰমিত লোকৰ সংখ্যা ৬৪১২ জন আৰু কেৱল মাত্ৰ দেশৰ ৭৮ জিলাতে সংক্ৰমণ সীমাবদ্ধ হৈ আছে। দৰাচলতে এই তথ্য বিদেশ মন্ত্ৰালয়ৰ সচিব ( পশ্চিম) বিকাশ স্বৰূপে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত সদৰি কৰে। স্বৰূপৰ মতে যদি ভাৰতত লকডাউন ঘোষণা নকৰিলে হয় তেতিয়া ভাৰতৰ অৱস্থা ইটালীৰ দৰে হলহেতেন।
আইচিএমআৰ ৰ অনুমান RO-2.5ৰ সিদ্ধান্তৰ ওপৰত প্ৰতিষ্ঠিত। এই সিদ্ধান্তৰ মতে যদি লকডাউন ঘোষণা নকৰিলে হয় তেতিয়া ক’ৰোনা সংক্ৰমিত এজন ব্যক্তিৰ পৰা
৪০৬ জন লোকলৈ সংক্ৰমিত কৰিলে হয়। য’ত লকডাউনৰ ফলত কেৱল ২.৫ জন লৈ হে সংক্ৰমণ হৈছে।

You might also like