লকডাউন ২ ৰ নীতি নিৰ্দেশনা জাৰি কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ
নিয়মীয়া বাৰ্তা ১৫ এপ্ৰিলঃ দেশত ক’ৰোনাৰ সংক্ৰমণ দিনক দিনে বৃদ্ধি পাইছে। যাৰ পৰিপেক্ষিতত চৰকাৰে অহা ৩ মে’লৈ লকডাউন বৃদ্ধি কৰিছে। তাৰ মাজতে আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। সেই নিৰ্দেশ সমূহ এনে ধৰণৰ
- কাৰ্যালয়, ৰাজহুৱা ঠাইত মাস্ক পিন্ধাটো জৰুৰী
- যি কোনো ৰাজহুৱা স্থানত ৫ জনতকৈ অধিক লোক একত্ৰিত হ’ব
নোৱাৰিব। - ৰাজহুৱা স্থানত পিকোৱাটো দণ্ডনীয়, পিকালে জৰমিণা বিহাৰ ব্যৱস্থা
- সুৰা,গুটখা, চুপৰাৰী বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা
- সকলো কাৰ্যালয়ত ছেনিটাইজাৰৰ সুবিধা থাকিব লাগিব
- আৰোগ্য সেতু এপৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগে।
- কাৰ্যালয়ত এটা সময়ৰ অন্তৰালত ছেনিটাইজ কৰাব লাগিব। লগতে
বৃহৎ বৈঠক বৰ্জন কৰিব লাগিব।
আনহাতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কল-কাৰখানা সমূহত কম সংখ্যক কৰ্মচাৰীৰ উপস্থিতি, আৰু সামাজিক দূৰত্ব ৰখাটো জৰুৰী কৰিছে। লগতে কোম্পানী সমূহক স্বাস্থ্য সম্পৰ্কীয় বীমা কৰাটো বাধ্যতা মূলক কৰা হৈছে।
MHA issues National Directives for #COVID19 management reg. Wearing of face cover in public places; #SocialDistancing; restrictions on Social Gatherings; fines on spitting in public places and SOPs at work places/factories.#Lockdown2 #LockdownExtended#StayHomeStaySafe pic.twitter.com/StwdAWag1M
— Spokesperson, Ministry of Home Affairs (@PIBHomeAffairs) April 15, 2020