লাডাখত উত্তেজনা প্রশমিত হোৱা নাই ভাৰত–চীনৰ
নিয়মীয়া বাৰ্তা, ২৯ মেঃ ভাৰত–চীনৰ মাজত লাডাখ সীমান্তত চলি থকা উত্তেজনা সাধাৰণ ঘটনা বুলি বেইজিং প্রশাসনে ঘোষণা কৰিছে যদিও বাস্তৱ ক্ষেত্রত পৰিস্থিতি এতিয়াও উত্তপ্ত হৈ আছে৷ উভয় পক্ষই পূব লাডাখ অঞ্চলত পৰিস্থিতি অস্থিৰ কৰি ৰখা বুলি সংবাদ মাধ্যমে সদৰী কৰিছে৷ আনকি চীনৰ বিদেশ মন্ত্রণালয়ে লাডাখ সীমান্তত সুস্থিৰতা অব্যাহত থকা বুলি ঘোষণা কৰাৰ এদিন পিছতে দুয়োখন দেশে মোতায়েন কৰিছে অতিৰিক্ত সেনা৷ ইয়াৰ উপৰি বাংকাৰ নির্মাণৰ সঁজুলি তথা যুদ্ধবিমান সষ্টম কৰি ৰখা কার্যও সমান্তৰালভাৱে চলি আছে৷ প্রতিৱেশী দেশ দুখনৰ সেনাৰ মাজত লাডাখ সীমান্তৰ চাৰিটা স্থানত বিগত কেইটামান সপ্তাহৰ ভিতৰত উত্তেজনা সৃষ্টি হৈছে৷ আনকি উভয় দেশৰ সেনাৰ হতাহতি আৰু গঁতিয়াগতিত কমপক্ষেও ২০জন জোৱান আহত হৈছে৷ এনে পৰিস্থিতি অব্যাহত থকাৰ সময়তে বিভিন্ন মহলে প্রতিৱেশী দুয়োখন দেশৰ মাজত যুদ্ধৰ আশংকা আহি পৰা বুলিও ভাবিবলৈ লৈছে৷