নিয়মীয়া বাৰ্তা, ২৩ মার্চঃ দেশৰ ৰাজধানী মহানগৰ দিল্লীৰ শ্বাহীনবাগত চলি থকা ‘কা’বিৰোধী প্রতিবাদস্থলীৰ সমীপতে আৰু জামিয়া মিলিয়াত দেওবাৰে দুটাকৈ বিস্ফোৰণ সংঘটিত হয় ৷ আৰক্ষী সূত্রই সদৰী কৰিছে এই তথ্য৷ দিল্লী আৰক্ষীৰ এক সূত্রই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি দুজন অচিনাক্ত লোকে মটৰচাইকেলেৰে আহি শ্বাহীনবাগ প্রতিবাদস্থলীৰ সমীপলৈ এটা পেট্র’ল বোমা দলিয়ায় ৷ অৱশ্যে এই পেট্র’ল বোমাৰ বিস্ফোৰণত কোনো লোক হতাহত হোৱা নাই ৷ সেইদৰে জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ বাহিৰত অনুৰূপ বিস্ফোৰণ এটা সংঘটিত হৈছে পুৱা ৯ বজাত ৷ আৰক্ষীয়ে চিচি টিভিৰ ফুটেজ পৰীক্ষা কৰি দুর্বৃত্তক কৰায়ত্ত কৰিবলৈ অভিযান আৰম্ভ কৰিছে ৷ এই বিস্ফোৰণৰ পিছতে জামিয়া মিলিয়া আৰু শ্বাহীনবাগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যদিও বাতৰি যুগুতোৱাৰ পৰলৈ পৰস্থিতি নিয়ন্ত্রণলৈ আনিছে আৰক্ষীয়ে ৷ স্মর্তব্য যে শ্বাহীনবাগত জনতা কার্ফিউ বলৱৎ কৰাৰ দাবীত কালি দুটা গোটৰ মাজত সৃষ্টি হৈছিল মতানৈক্য ৷