নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত সুৰাৰ বিপণী সমূহ খুলিবলৈ অনুমতি বিচাৰি কেন্দ্ৰলৈ পত্ৰ মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা ২১ এপ্ৰিলঃ দেশত ক’ৰোনা ভাইৰাছক সংক্ৰমণ ৰোধ কৰিবৰ বাবে সমগ্ৰ দেশতে অহা ৩ মে’ লৈকে লকডাউনৰ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। যাৰ পৰিপেক্ষিতত এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰক এটা বিশেষ অনুৰোধক লৈ চৰ্চা লৈ আহিছে। পাঞ্জাৱৰ মুখ্য মন্ত্ৰী কেপ্টেইন অমিৰন্দৰ সিঙে মঙবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ সুৰাৰ বিপণী সমূহ খুলি দিবৰ বাবে অনুৰোধ জনাই চিঠি লিখিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্য খনৰ আৰ্থিক অৱস্থাৰ কথা দোহাই দি কেন্দ্ৰলৈ এই অনুৰোধ কৰিছে। তেওঁ লগতে প্ৰতিটো নিয়ম পালন কৰিহে সুৰাৰ বিপণী সমূহ খুলিবলৈ অনুৰোধ জনাইছে। উল্লেখ্য যে ৰাজ্যখনত এতিয়ালৈকে কৰোনা সংক্ৰমিত লোকৰ সংখ্যা ২৫১ জন হৈছে আৰু ৪৯ জন লোক সুস্থ হৈছে। আনহাতে ১৬ জন লোকৰ মৃত্যু হৈছে।

You might also like