নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোটেল–ৰেষ্টুৰেণ্টে গ্রাহকৰ পৰা ল’ব নোৱাৰিব সেৱা মাচুল

নিয়মীয়া বাৰ্তা, ৫ জুলাইঃ হোটেল আৰু ৰেষ্টুৰেণ্টসমূহে গ্রাহকৰ পৰা জোৰকৈ সেৱা মাচুল আদায় কৰিব নোৱাৰিব৷ কেন্দ্রীয় চৰকাৰে শেহতীয়াকৈ এই নির্দেশ জাৰি কৰিছে৷ গ্রাহকৰ খাদ্যৰ বিলত সেৱা মাচুল সংযোজন কৰি তাক আদায় কৰিব নোৱাৰিব বুলি  কেন্দ্রীয় গ্রাহক সুৰক্ষা প্রাধিকৰণ (চিচিপিএ)ৰ তৰফৰ পৰা নির্দেশনা জাৰি কৰা হৈছে৷

উল্লেখনীয় যে গ্রাহকৰ অভিযোগ লাভ কৰাৰ পিছতে কেন্দ্রীয় উপভোক্তা মন্ত্রালয়ে হোটেল আৰু ৰেষ্টুৰেণ্টসমূহৰ বাবে এক নির্দেশনা মুকলি কৰিছে৷ লক্ষণীয়ভাৱে পূর্বেও উপভোক্তা মন্ত্রালয়ে হোটেল আৰু ৰেষ্টুৰেণ্টসমূহক গ্রাহকৰ পৰা সেৱা মাচুল লোৱাৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও এই সন্দর্ভত কোনো স্পষ্ট নির্দেশনা জাৰি কৰা নাছিল৷

স্মর্তব্য যে ৰাষ্ট্রীয় ৰেষ্টুৰেণ্ট এছ’চিয়েচন (এনআৰএআই)ৰ তৰফৰ পৰা সেৱা মাচুল গ্রাহকৰ পৰা সংগ্রহ কৰাটো বৈধ বুলি যুক্তি দর্শাইছিল যদিও তাক অগ্রাহ্য কৰিছে মন্ত্রালয়ে৷

You might also like