নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

য়েছ বেংকত ১০০০ কোটি টকা বিনিয়োগ কৰিব আইচিআইচিআয়ে

নিয়মীয়া বাৰ্তা, ১৪ মার্চঃ সংকটৰ গৰাহত পৰা য়েছ বেংকক উদ্ধাৰৰ বাবে আগবাঢ়ি আহিছে আইচিআইচিআই বেংক ৷ বেংকটোৰ ব’র্ডে আজি ইকুইটীৰ জৰিয়তে য়েছ বেংকত ১০০০ কোটি টকা বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে ৷ ইয়াৰ জৰিয়তে আইচিআইচিআই বেংকে শ্বেয়াৰেপতি ৮ টকা প্রিমিয়ামসহ প্রতি শ্বেয়াৰত ১০ টকাকৈ ১০০ কোটি ইকুইটী শ্বেয়াৰ অর্জন কৰিব ৷ আইচিআইচিআই বেংকে এক বিবৃতিত কয় যে এই বিনিয়োগৰ ফলত আইচিআইচিআই বেংক য়েছ বেংকৰ ৫ শতাংশ শ্বেয়াৰহোল্ডিঙৰ অংশীদাৰ হোৱাৰ সম্ভাৱনা আছে ৷ চূড়ান্ত শ্বেয়াৰহোল্ডিং পুনৰ নির্মাণৰ চূড়ান্ত প্রকল্পৰ ওপৰত ভিত্তি কৰি নির্ধাৰণ কৰা হ’ব আৰু ইয়াৰ অধীনত শ্বেয়াৰ জাৰি কৰা হ’ব৷ আমানতকাৰীৰ স্বার্থ ৰক্ষা আৰু এটা স্থিতিশীল আর্থিক বেংকিং ব্যৱস্থা নিশ্চিত কৰাৰ বাবে কেন্দ্রীয় মন্ত্রীসভাই য়েছ বেংকৰ পুনৰ গঠন প্রকল্পত অনুমোদন দিয়াৰ পিছতে আইচিআইচিআই বেংকে এই ঘোষণা কৰে৷ উল্লেখ্য যে ষ্টেট বেংক অৱ ইণ্ডিয়াই ইয়াৰ পূর্বে য়েছ বেংকত ৭,২৫০ কোটি টকা বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছিল৷ ইফালে, এইচ ডি এফ চি আৰু এক্সিছ বেংকেও য়েছ বেংকত বিনিয়োগ কৰিব বুলি জানিব পৰা গৈছে ৷

You might also like