নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ মিনিটতে ক’ভিড–১৯ চিনাক্তৰ প্রযুক্তি উদ্ভাৱন

নিয়মীয়া বার্তা, ২ জুনঃ  মহামাৰী ক’ভিড–১৯ৰ ভেকচিন উদ্ভাৱনক লৈ চলি থকা প্রয়াসৰ মাজতেই প্রবাসী ভাৰতীয় বিজ্ঞানী এগৰাকীয়ে ১০ মিনিটতে ক’ভিড–১৯ চিনাক্ত কৰিব পৰা পৰীক্ষণ উদ্ভাৱন কৰিলে৷ প্রবাসী ভাৰতীয় বিজ্ঞানী দীপাঞ্জন পানৰ নেতৃত্বত আমেৰিকা যুক্তৰাষ্ট্রৰ বিজ্ঞানীৰ দল এটাই ক’ভিড–১৯ৰ চিনাক্তৰ কাৰণে পৰীক্ষামূলক ডায়গনেষ্টিক বিকশিত কৰে৷

ইয়াৰ জৰিয়তে এগৰাকী ক’ভিড–১৯ আক্রান্তক ১০ মিনিটৰ ভিতৰতে নিশ্চিত কৰিব পাৰি৷ ইউনিভার্ছিটী অৱ মেৰিলেণ্ড স্কুল অৱ মেডিচিনৰ বিজ্ঞানীৰ দল এটাই কোনোবা ৰোগীৰ দেহত এই পৰীক্ষণ প্রয়োগ কৰিলে ভাইৰাছটোৰ অৱস্থিতি ধৰা পৰে৷ অর্থাৎ প্লাজম’মনিক গ’ল্ড ক্ষুদ্র কণিকাৰ ৰং সলনি হৈ পৰে৷ ৰং সলনি হোৱাটোৱে ভাইৰাছৰ অৱস্থিতিক নিশ্চিত কৰে৷ এই গৱেষণাত নেতৃত্ব দিয়া ডায়গনেষ্টিক ৰেডি’লজী এণ্ড নিউক্লিয়াৰ মেডিচিন এণ্ড পেডিয়াট্রিকৰ অধ্যাপক দীপাঞ্জন পানে প্রকাশ কৰা মতে, বিজ্ঞানীৰ দলটোৱে প্রাৰম্ভিক গৱেষণাৰ ফলাফলত ক’ভিড–১৯ত আক্রান্ত হোৱাৰ প্রথম দিনটোতেই ভাইৰাছটোৰ অৱস্থিতি ধৰা পৰে৷ অৱশ্যে ইয়াৰ বাবে আৰু অধিক অধ্যয়নৰ প্রয়োজনীয়তা আছে৷

বিজ্ঞানীগৰাকীয়ে প্রকাশ কৰা মতে, এগৰাকী ৰোগীৰ ছোৱাব নমুনা সংগ্রহ কৰাৰ পাছত এই নমুনাৰ পৰা সহজ পদ্ধতিৰে আৰ এন এ বাহিৰ কৰি ১০ মিনিটৰ ভিতৰতে ভাইৰাছটোৰ অৱস্থিতি ধৰা পেলাব পাৰি৷

You might also like