নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ সমগ্ৰ দেশতে লকডাউন কৰাৰ সময়তে দেশৰ এভিয়েছন বিভাগে অহা ৩১ মাৰ্চলৈকে সকলো ঘৰুৱা বিমান পৰিবহণ বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল যদিও বৰ্তমান ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধ যুঁজ শক্তিশালী কৰাৰ উদ্দেশ্যে এই বন্ধৰ সময় বৃদ্ধি কৰি ১৪ এপ্ৰিললৈকে কৰা হৈছে ।
উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় বিমানসেৱা ইতিমধ্যে অহা ১৫ এপ্ৰিললৈকে বন্ধ ঘোষণা কৰা হৈছে । চিভিল এভিয়েছন সঞ্চালকপ্ৰধানে এক বিজ্ঞপ্তিযোগে এই কথা জানিবলৈ দিছে ।