নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩৭০ অনুচ্ছেদ বিলুপ্তিৰ পিছত কাশ্মীৰত বন্দী হৈ আছে ১৭৩জন

নিয়মীয়া বাৰ্তা ১০ মাৰ্চঃ সংবিধানৰ ৩৭০ অনুচ্ছেদৰ বিলুপ্তি ঘটাই জম্মু–কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মর্যাদা কর্তন কৰাৰ পাছৰে পৰা এতিয়াও বন্দী অৱস্থাত আছে ১৭৩গৰাকী লোক৷ আজি কেন্দ্রীয় গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্রী জি কিষাণ ৰেড্ডীয়ে লোকসভাত সদৰী কৰিছে এই তথ্য৷ অৱশ্যে ৰাজহুৱা নিৰাপত্তা আইনৰ অধীনত কোনো লোককে এতিয়া গৃহবন্দী অৱস্থাত ৰখা হোৱা নাই বুলি মন্ত্রীগৰাকীয়ে স্পষ্ট কৰি দিছে৷

২০১৯ চনৰ আগষ্ট মাহৰ পৰা এতিয়াও যিসকল লোকক বন্দী কৰি ৰকা হৈছে, সেই লোকসকলৰ ভিতৰত আছে বিচ্ছিন্নতাবাদী, বিভিন্ন সন্ত্রাসবাদী সংগঠনৰ অভাৰগ্রাউণ্ড কর্মী, নিৰাপত্তা বাহিনীলৈ শিলগুটি দলিওৱা আন্দোলন কর্মী তথা অন্যান্য দুষৃকতিকাৰী৷ ২০১৯ৰ ১ আগষ্টৰ পৰা মুঠ ৬২৭গৰাকী লোকক বন্দী কৰা হৈছিল যদিও এতিয়ালৈকে ৪৫৪গৰাকীক মুক্তি দিয়া হৈছে বুলিও মন্ত্রীগৰাকীয়ে এক প্রশ্ণৰ লিখিত উত্তৰত এই কথা স্পষ্ট কৰি দিছে লোকসভাত৷

You might also like