নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ কেন্দ্রীয় চৰকাৰৰ তিনি কৃষি আইন বাতিলৰ দাবীত দিল্লী সীমান্তত প্রতিবাদ অব্যাহত ৰখা কৃষক সংগঠনৰ উমৈহতীয়া মঞ্চই ৬ ফেব্রুৱাৰীত দেশজুৰি চকা বন্ধৰ আহ্বান জনাইছে যদিও ভাৰতীয় কিষাণ সংঘ (বিকেএছ)ই এই চকা বন্ধলৈ সমর্থন নজনায় বুলি ঘোষণা কৰিছে৷ আৰ এছ এছৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত কৃষক সংগঠনটোৱে অৱশ্যে উল্লেখ কৰিছে যে তিনিওখন কৃষি আইনৰ কিছু উন্নয়ন ঘটোৱাৰ প্রয়োজন আছে৷
স্মর্তব্য যে বিভিন্ন কৃষক সংগঠনৰ প্রতিনিধিয়ে ইয়াৰ পূর্বে আলোচনাত মিলিত হৈ ৬ ফেব্রুৱাৰীত দেশজুৰি চকা বন্ধৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷ ইতিপূর্বে কৃষকে আহ্বান জনোৱা বন্ধই দেশজুৰি ব্যাপক সঁহাৰি লাভ কৰিছিল৷ গতিকে ৬ ফেব্রুৱাৰীৰ চকা বন্ধত দেশৰ বিভিন্ন ৰাজ্যত ব্যাপক প্রভাৱ পৰিব বুলি বিভিন্ন মহলে ধাৰণা কৰিছে৷