নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবিশ্বাস্য! এক কিলোগ্রাম ইউবাৰি মেলনৰ মূল্য ২০ লাখ টকা

জাপানৰ সুস্বাদু ফলৰ সোৱাদ কেৱল আঢ়্যৱন্ত লোকেহে লাভ কৰে

নিয়মীয়া বাৰ্তা ৮ নৱেম্বৰঃ ফল সাধাৰণতে সকলোৱে খায়৷ শৰীৰ সুস্থ ৰাখিবলৈ ফল খোৱাটো জৰুৰী৷ কিন্তু লাখ লাখ টকা খৰচ কৰি ফল খোৱাৰ সুবিধা কিমানে লাভ কৰে ফলৰ দাম যে লাখ লাখ টকা হ’ব পাৰে সেই কথা কোনে বিশ্বাস কৰিব অবিশ্বাস্য যেন লাগিলেও এয়া কিন্তু সঁচা৷ জাপানত এই সুস্বাদু ফলবিধ পোৱা যায়৷ ফলবিধৰ নাম ইউবাৰি মেলন৷ তৰমুজ গোটৰ এই ফলবিধ দেখিবলৈ ধুনীয়া নহ’লেও দাম কিন্তু আকর্ষণীয়৷ বিশ্বৰ ভিতৰতে এই ফলবিধক আটাইতকৈ দামী ফল বুলি আখ্যা দিয়া হয়৷ এক কিলোগ্রাম এই ফলৰ যিমান দাম তাৰ দ্বাৰা সোণৰ এবিধ অলংকাৰ নাইবা, ঘৰ বন্ধাৰ বাবে এটুকুৰা মাটিও ক্রয় কৰিব পাৰি৷ জাপানত এই ফলবিধ পোৱা গ’লেও ই সহজলভ্য নহয়৷

সংবাদ মাধ্যমৰ কেইবাটাও প্রতিবেদন অনুসৰি এক কিলোগ্রাম ইউবাৰি মেলনৰ দাম ভাৰতীয় মুদ্রাৰ হিচাপত ২০ লাখ টকা৷ ইউবাৰি মেলন জাপানৰ যিকোনো ফলৰ দোকানত পোৱা নাযায়৷ দেশখনৰ এক শ্রেণীৰ আঢ়্যৱন্ত গ্রাহককহে এই ফল যোগান ধৰা হয়৷ বিলাসবহুল খাদ্য আৰু পানীয় যেনে বাৰবন, চেম্পেইন বা কবে বিফৰ দৰে ইউবাৰি মেলনৰ এক বিশেষ পৰিৱেশৰ মাজত ইউবাৰি অঞ্চলত খেতি কৰা হয়৷ ২০১৯ত দুটা ইউবাৰি মেলন বিক্রী হৈছিল প্রায় ৩২ লাখ টকাত৷ বিজনেছ ইনছাইডাৰৰ প্রতিবেদন অনুসৰি এই ফল ডাঙৰ হ’বলৈ সময় লাগে ১০০ দিন৷ বছৰটোৰ সকলো ঋতুতে এই ফলৰ খেতি হয়৷

You might also like