নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ তামিলনাডুৰ কুন্নুৰত সংঘটিত হোৱা হেলিকপ্টাৰ দুৰ্ঘটনাত ইতিমধ্যে ১৩ জনৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। সংবাদ সংস্থা এএআইত প্ৰকাশিত তথ্য অনুসৰি তামিলনাডুত সামৰিক হেলিকপ্টাৰ দুৰ্ঘটনাত ১৪ জনৰ ১৩ জনৰ মৃত্যু নিশ্চিত কৰা হৈছে। ডিএনএ পৰীক্ষাৰ জৰিয়তে মৃতদেহবোৰৰ পৰিচয় নিশ্চিত কৰা হ’ব।
13 of the 14 personnel involved in the military chopper crash in Tamil Nadu have been confirmed dead. Identities of the bodies to be confirmed through DNA testing: Sources
— ANI (@ANI) December 8, 2021
উল্লেখ্য যে চিডিএছ বিপিন ৰাৱট আৰু তেওঁৰ পত্নীকে ধৰি সেনাৰ জ্যেষ্ঠ বিষয়াসকল হেলিকপ্টাৰখনত উপস্থিত আছিল। ইয়াৰ ভিতৰত – চিডিএছ জেনেৰেল বিপিন ৰাৱাট, তেওঁৰ পত্নী মধুলিকা ৰাৱট, ব্ৰিগেডিয়াৰ এলএছ লিড্ডাৰ, লেফটেনেণ্ট কৰ্ণেল হৰজিন্দৰ সিং, নায়েক গুৰসেৱক সিং, নায়েক জিতেন্দ্ৰ কুমাৰ, লেন্স নায়েক বিবেক কুমাৰ, লেন্স নায়েক বি চাই তেজা আৰু হাৱলদাৰ সতপাল।