পলাতক নীৰৱ–মেহুলৰ ১৩৫০ কোটিৰ হীৰা–মুকুতা উদ্ধাৰ
নিয়মীয়া বাৰ্তা ১১ জুনঃ পঞ্জাব নেচনেল বেংকৰ পৰা জালিয়াতিৰে কেইবাহাজাৰ কোটি টকা লুণ্ঠন কৰি বিদেশলৈ পলায়ন কৰা হীৰা ব্যৱসায়ী নীৰৱ মোদী আৰু মেহুল ছ’স্কিৰ হংকংস্থিত প্রতিষ্ঠানৰ পৰা আজি এনফ’চমেণ্ট সঞ্চালকালয়ে (ইডি) ওভতাই আনিছে ২,৩০০ কিলোগ্রাম হীৰা, মুকুতা আৰু অন্যান্য মূল্যৱান আলংকাৰিক সামগ্রী৷ দেশলৈ ওভতাই অনা এই ২,৩০০ কিলোগ্রাম হীৰা, মুকুতা তথা আলংকাৰিক সামগ্রীৰ মূল্য ১,৩৫০ কোটি টকা৷ ইডিৰ তৰফৰ পৰা সংবাদ মাধ্যমক জনোৱা অনুসৰি ওভতাই অনা ১০৮বিধ সামগ্রীৰ ৩২বিধ নিয়ন্ত্রিত হৈছিল নীৰৱ মোদীৰ বিদেশী প্রতিষ্ঠানৰ দ্বাৰা৷ বাকী সামগ্রীবোৰৰ গৰাকী আছিল মেহুল ছ’স্কিৰ প্রতিষ্ঠান৷ লক্ষণীয়ভাৱে এই সামগ্রীবোৰৰ ভিতৰত আছে প’লিছ কৰা হীৰা, মুকুতা আৰু ৰূপৰ অলংকাৰ৷ নীৰৱ মোদী আৰু মেহুল ছ’স্কিয়ে এই সামগ্রীবোৰ ডুবাইত ৰাখিছিল যদিও পঞ্জাব নেচনেল বেংকৰ কেলেংকাৰিৰ পাছত দুয়োগৰাকী পলাতক ব্যৱসায়ীৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰাৰ লগে লগে এই সামগ্রীবোৰ ডুবাইৰ পৰা হংকঙলৈ প্রেৰণ কৰা হৈছিল৷ স্মর্তব্য যে ইয়াৰ পূর্বে ইডিয়ে দুয়োগৰাকী পলাতক ব্যৱসায়ীৰ ভাৰতত থকা বিভিন্ন সম্পত্তি বাজেয়াপ্ত কৰিছে৷ এই সম্পত্তিবোৰৰ মূল্য কেইবাশ কোটি হ’ব বুলি ইতিমধ্যে ইডিয়ে ঘোষণা কৰিছে৷ স্মর্তব্য যে অবৈধ ধনৰ লেনদেন প্রতিৰোধ আইনৰ অধীনত দুয়োগৰাকী পলাতক ব্যৱসায়ীৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে ইডিয়ে৷ নীৰৱ মোদী বর্তমান লণ্ডনৰ কাৰাগাৰত বন্দী হৈ থকা বিষয়টো মেহুল ছ’স্কিয়ে কেৰিবিয়ান ৰাষ্ট্র এণ্টিগুৱাৰ নাগৰিকত্ব গ্রহণ কৰি দেশখনত আত্মগোপন কৰি আছে।