নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ বিষাক্ত মদ খাই মধ্যপ্রদেশত মৃত্যু হ’ল ১৪ প্ৰব্ৰজিত শ্রমিকৰ। উজ্জয়িনীত সংঘটিত হোৱা এই ঘটনাৰ পাছতে চাৰিগৰাকী বিষয়াক অব্যাহতি দিছে প্রশাসনে। অবৈধভাবে মদ তৈয়াৰ আৰু বিক্রীৰ বাবে ইতিমধ্যে ১২ জনক গ্রেপ্তাৰ কৰা হৈছে।
আৰক্ষী সূত্রৰ খবৰ অনুসৰি, বুধবাৰে নিশা উজ্জয়িনীৰ বিভিন্ন অঞ্চলত ৭ জন প্ৰৱাসী শ্রমিকৰ মৃত্যুৰ খবৰ পোহৰলৈ আহে। বৃহস্পতিবাৰে পুৱাই খাৰাকৌন আৰক্ষী থানাৰ অধীনৰ অঞ্চলত ২ জন মৃত্যু হয়। পাছত হাস্পাতালত আৰু দুজনৰ মৃত্যু হয়। ইপিনে পাছলৈ পুনৰ বিভিন্ন অঞ্চলৰ পৰা আন তিনিজনৰ মৃত্যুৰ খবৰ পোহৰলৈ আহে।
খবৰ অনুসৰি, স্থানীয়ভাৱে প্ৰস্তুত মদ খোৱাৰ বাবেই এই লোকসকলৰ মৃত্যু হয়। ‘জিনজাৰ টিংচাৰ’ নামৰ এবিধ ৰাসায়নিক দি এই মদ তৈয়াৰ কৰা হয়।
আনহাতে এই ঘটনাৰ পাছতে সমগ্ৰ ঘটনাটোৰ ওপৰত তদন্তৰ নির্দেশ দিছে মুখ্যমন্ত্রী শিবৰাজ সিং চৌহানে। তিনিজনীয়া এক সদস্যৰ বিশেষ টিমো তৈয়াৰ কৰি দিয়া হৈছে।