নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ আগষ্টৰ পূর্বে ওলাব আইচিএমআৰ–ভাৰত বায়’টেকৰ ভেকচিন

জাইডাছ কেডিলাকো অনুমতি

নিয়মীয়া বাৰ্তা ৪ জুলাইঃ সমগ্র দেশতে ক’ৰোনা ভাইৰাছৰ সংক্রমণে গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ নিতৌ অভিলেখসংখ্যক ৰোগী চিনাক্ত হৈছে দেশজুৰি৷ ইয়াৰ মাজতে এটা সুখবৰ কঢ়িয়াই আনিছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ)–এ৷ ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে ভেকচিন প্রস্তুতৰ ক্ষেত্রত অগ্রগতি লাভ কৰিছে আইচিএমআৰে৷ কালি দেশৰ শীর্ষ চিকিৎসা গৱেষণা প্রতিষ্ঠানটোৱে এখন পত্রত উল্লেখ কৰা অনুসৰি এই নতুন ভেকচিন প্রস্তুতৰ বাবে ভাৰত বায়ুটেক ইণ্টাৰনেচনেল লিমিটেডৰ সৈতে সহযোগিতা স্থাপন কৰিছে৷ বিবিভি ১৫২ ক’ভিড ভেকচিন দেশৰ প্রথমটো থলুৱা ভেকচিন বুলি পত্রখনত উল্লেখ কৰা হৈছে৷ লগতে চৰকাৰে এই প্রকল্প সফল কৰাৰ বাবে অত্যধিক গুৰুত্ব প্রদান কৰিছে বুলিও পত্রখনত উল্লেখ কৰিছে আইচিএমআৰে৷ পুনেত থকা আইচিএমআৰ–নেচনেল ইনষ্টিটিউট অৱ ভাইৰ’লজীত পৃথক কৰা ষ্ট্রেইনৰ পৰা এই ভেকচিন প্রস্তুতৰ পদক্ষেপ গ্রহণ কৰিছে সংস্থাটোৱে৷ ইতিমধ্যে ক্লিনিকেল ট্রায়েলৰ বাবে আগবাঢ়িছে আইচিএমআৰৰ এই ভেকচিন৷ পত্রখনত উল্লেখ কৰা অনুসৰি সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি সকলো ঠিকে–ঠাকে থাকিলে ভেকচিনটো অহা ১৫ আগষ্টৰ ভিতৰত মুকলি কৰাৰো লক্ষ্য বান্ধি লোৱা হৈছে৷ অৱশ্যে ক্লিনিকেল ট্রায়েলৰ সময়ত এই ভেকচিনৰ সম্পৰীক্ষাত কিমানদূৰ সফলতা লাভ কৰে তাৰ ওপৰত ভেকচিন মুকলিৰ বিষয়টো বিবেচিত হ’ব৷

ইতিমধ্যে কেইবাখনো আগশাৰীৰ প্রতিষ্ঠানক এই ভেকচিনৰ ক্লিনিকেল ট্রায়েলৰ বাবে নির্দেশ দিছে আইচিএমআৰে৷ অহা ৭ জুনৰ ভিতৰত এই প্রক্রিয়া আৰম্ভ কৰিবলৈও সংস্থাটোৰ তৰফৰ পৰা নির্দেশনা দিয়া হৈছে৷ উল্লেখ্য যে আইচিএমআৰৰ এই পত্রখন প্রকাশ পোৱাৰ পিছতে একাংশ বিশেষজ্ঞই ইয়াৰ প্রতিক্রিয়াও প্রকাশ কৰিছে৷ জনস্বাস্থ্যৰ বিভিন্ন ক্ষেত্রৰ সৈতে জড়িত বিশেষজ্ঞই এয়া অসম্ভৱ বুলিও অভিহিত কৰিছে৷ ৰোগ প্রতিৰোধ বিশেষজ্ঞ তথা ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েঞ্চ এডুকেচন এণ্ড ৰিছার্চৰ অধ্যাপক বিনীতা বলে প্রতিক্রিয়া প্রকাশ কৰি কয়– ‘১৫ আগষ্টৰ ভিতৰত প্রস্তুতকৰণ এক অবাস্তৱ লক্ষ্য৷ ইমান দ্রুতগতিৰে কোনো ভেকচিন প্রস্তুত নহয়৷ ভেকচিন প্রস্তুতৰ ক্ষেত্রত কেইবাটাও দীঘলীয়া প্রক্রিয়া জড়িত হৈ থাকে৷ সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখিলেও ১৫ আগষ্টৰ সময়সীমা সম্পূর্ণ অবাস্তৱ, যদিও এয়া সম্পূর্ণ অসম্ভৱ নহয়৷’ ইফালে ভেকচিন প্রস্তুতিৰ ক্ষেত্রত আগশাৰীৰ ফার্মাচিউটিকেল প্রতিষ্ঠান জাইডাছ কেডিলায়ো অগ্রগতি লাভ কৰিবলৈ সক্ষম হৈছে৷ মানৱ শৰীৰত প্রথম আৰু দ্বিতীয় পর্যায়ৰ পৰীক্ষণ বাবে ফার্মাচিউটিকেল প্রতিষ্ঠানটোক সেউজ সংকেত দিছে ভাৰতৰ ঔষধ মহানিয়ন্ত্রকে৷ এটা বিবৃতিত জাইডাছ কেডিলাই সদৰী কৰা অনুসৰি তেওঁলোকে প্রস্তুত কৰা ভেকচিনটোৱে প্রি–ক্লিনিকেল পৰীক্ষাত যথেষ্ট সফলতা লাভ কৰিছে৷ বিভিন্ন জীৱ–জন্তুৰ ওপৰত কৰা সম্পৰীক্ষণত এই ভেকচিনে ভাল ফলাফল দেখুৱাইছে বুলিও বিবৃতিত উল্লেখ কৰা হৈছে৷ ইতিমধ্যে জীৱ–জন্তুৰ ওপৰত কৰা সম্পৰীক্ষণৰ সবিশেষ তথ্য প্রতিষ্ঠানটোৱে ঔষধ মহানিয়ন্ত্রকক দাখিল কৰিছে৷ গিনিপিক, শহাপহু আৰু এন্দুৰ–নিগনিৰ শৰীৰত এই ভেকচিনৰ পৰীক্ষা চলাইছিল প্রতিষ্ঠানটোৱে৷ এই পৰীক্ষাৰ সময়ত জীৱ–জন্তুসমূহে এণ্টিব’ডী গঠন কৰিবলৈ সক্ষম হৈছিল বুলিও তেওঁলোকে উল্লেখ কৰিছে৷

You might also like