নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রেন্সজেণ্ডাৰ লোকলৈ ১,৫০০ টকাকৈ সাহায্য কেন্দ্রৰ

নিয়মীয়া বাৰ্তা ২৬ মেঃ ক’ভিড–১৯ মহামাৰীৰ সংক্রমণৰ দ্বিতীয় জোৱাৰ চলি থকা সময়তে কেন্দ্রীয় চৰকাৰে ট্রেন্সজেণ্ডাৰ অর্থাৎ তৃতীয় লিংগৰ ব্যক্তিসকলক ১৫০০কৈ টকা সাহায্য হিচাপে আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে৷ উল্লেখনীয় যে এই মহামাৰীৰ দ্বিতীয় জোৱাৰ চলি থকাৰ মাজতে ট্রেন্সজেণ্ডাৰ সম্প্রদায়ৰ সদস্যসকলে সাহায্য বিচাৰি চৰকাৰলৈ টেলিফোন তথা ই–মেইল কৰি আছিল৷ বর্তমান পৰিস্থিতিত ট্রেন্সজেণ্ডাৰ সম্প্রদায়ৰ লোকসকল ভয়াৱহ বিত্তীয় সংকটৰ সন্মুখীন হৈছে৷ গতিকে, সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্রালয়ে এই দুর্যোগৰ সময়ত ট্রেন্সজেণ্ডাৰ লোকসকলক মানৱীয়তাৰ বিষয়টোক গুৰুত্ব প্রদান কৰি সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত লয়৷ এই সাহায্য লাভৰ পিছতেই ট্রেন্সজেণ্ডাৰ লোকসকলে নিজৰ নূ্যনতম অত্যাৱশ্যকীয় সামগ্রী ক্রয় কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰিছে চৰকাৰে৷ লক্ষণীয়ভাৱে বিভিন্ন স্বেচ্ছাসেৱী সংস্থাই এই সময়ছোৱাত ট্রেন্সজেণ্ডাৰ লোকসকলক সাহায্য আগবঢ়াই আহিছে৷

You might also like