নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মুৰ সীমান্তত ৰহস্যজনক ২০ মিটাৰৰ সুৰংগ

পাকিস্তানৰ চিহ্ণ থকা সামগ্রী উদ্ধাৰ সীমান্ত সুৰক্ষা বাহিনীৰ

নিয়মীয়া বাৰ্তা, ৩০ আগষ্টঃ জম্মুৰ ভাৰত–পাকিস্তান সীমান্তৰ কাঁটা তাঁৰৰ বেৰৰ সমীপত এটা ২০ মিটাৰৰ ৰহস্যজনক সুৰংগৰ সন্ধান লাভ কৰিছে সীমান্ত সুৰক্ষা বাহিনীয়ে৷ বিএছএফে জম্মুৰ ছাম্বা ছেক্টৰত পেট্রলিঙৰ সময়ত ভাৰতীয় ভূমিতেই থকা সুৰংগটোৰ সন্ধান পোৱাৰ পিছতেই অভিযান তীব্রতৰ কৰি তুলিছে৷

সন্ত্রাসবাদী আৰু নিচাযুক্ত ঔষধৰ সৰবৰাহকাৰীয়ে এই সুৰংগ ব্যৱহাৰ কৰি আহিছে বুলি প্রাৰম্ভিক অনুসন্ধানত বিএছএফে ধাৰণা কৰিছে৷ বিএছএফৰ সঞ্চালকপ্রধান ৰাকেশ আস্থানাই এই সুৰংগটো সন্দর্ভত শীঘ্রেই অনুসন্ধান চলাই বিতং তথ্য সংগ্রহ কৰিবলৈ উক্ত স্থানৰ দায়িত্বত থকা কমাণ্ডাৰক দায়িত্ব দিছে৷ বিএছএফে প্রকাশ কৰা মতে, সীমান্তৰ কাঁটা তাঁৰৰ ভাৰতীয় ভূমিৰ পৰা মাত্র ৫০ মিটাৰ নিলগত এই ২০ মিটাৰৰ ৰহস্যজনক সুৰংগটো আছে৷

সুৰংগটোৰ মুখত নিৰীক্ষণ কৰাত বিএছএফে প্লাষ্টিকৰ বেগত বালি অর্থাৎ বালিৰ বেগ উদ্ধাৰ কৰে, য’ত পাকিস্তানৰ চিহ্ণ অংকিত হৈ আছে৷ উদ্ধাৰ কৰা ১০টা প্লাষ্টিকৰ বেগত কৰাচী আৰু চকৰগড় বুলি লিখা আছে৷ বেগটোৰ স্থিতিক লৈ বিএছএফে এই কথা নিশ্চিত হৈছে যে এই নির্মাণ বেছিদিনৰ নহয়৷ ইতিমধ্যে এই সুৰংগৰ সন্ধান লাভ কৰা স্থানত উপস্থিত হৈছে বিএছএফৰ জম্মুৰ ইন্সপেক্টৰ জেনেৰেল এনএছ জামৱাল৷

সুৰংগটোৰ সন্ধান পোৱাৰ পিছতেই বিএছএফে আর্থকাটাৰেৰে সুৰংগটো খান্দি এই নির্মাণ কিমান দূৰলৈ আছে, তাক নিৰীক্ষণ কৰাত সুৰংগটো ২০ মিটাৰৰ হ’ব বুলি প্রকাশ কৰিছে৷ তেনেদৰে সুৰংগটোৰ গভীৰতা প্রায় ২৫ ফুট৷ সুৰংগটো চিনাক্ত কৰাৰ পিছতেই উদ্বিগ্ণ বিএছএফে সমগ্র অঞ্চলটোত অভিযান আৰম্ভ কৰিছে৷ এইটোৰ উপৰি সীমান্তৰ কাঁটা তাঁৰৰ বেৰত আন সুৰংগৰ সন্ধান কৰি আছে বিএছএফে৷

উল্লেখ্য যে ইয়াৰ পূর্বেও জুন মাহত জম্মুত বিএছএফে এনেধৰণৰ সুৰংগ এটাৰ সন্ধান লাভ কৰিছিল৷ পাকিস্তানী সন্ত্রাসবাদীয়ে আত্মগোপন কৰাৰ লগতে অস্ত্র–শস্ত্র মজুত ৰখাৰ বাবে এনে সুৰংগ নির্মাণ কৰাৰ সম্ভাৱনা নথকা নহয় বুলিও বিএছএফে প্রকাশ কৰিছে৷

You might also like