বিধ্বস্ত যান–বাহন খণ্ডক উজ্জীৱিত কৰাৰ লক্ষ্যৰে ২৬ হাজাৰ কোটি টকা অনুমোদন
নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ দেশৰ যান–বাহন আৰু টেলিকম খণ্ডত বৃহৎ সংস্কাৰৰ পদক্ষেপ ল’লে কেন্দ্রীয় চৰকাৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটৰ বৈঠকত ৭টা আন্তঃগাঁথনিমূলক সংস্কাৰ আৰু টেলিকম খণ্ডত ৫টা প্রক্রিয়াত সংস্কাৰৰ সিদ্ধান্ত গ্রহণ কৰে৷ কেন্দ্রীয় কেবিনেটৰ বৈঠকত অনুমোদন জনোৱা গুৰুত্বপূর্ণ সিদ্ধান্তসমূহ তথ্য আৰু প্রযুক্তি মন্ত্রী অনুৰাগ ঠাকুৰে সদৰী কৰি কয় যে পি এল আই আঁচনিৰ অধীনত যান–বাহন খণ্ডক উজ্জীৱিত কৰাৰ লক্ষ্যৰে ২৬,০৫৮ কোটি টকাত অনুমোদন জনোৱা হয়৷ এই বৃহৎ পৰিমাণৰ ধন যান–বাহন খণ্ডত বিনিয়োগ হোৱাৰ ফলত এই খণ্ডটোত ৭.৫ লাখ নতুন সংস্থাপন সৃষ্টি হ’ব৷ পৰৱর্তী ৫ বছৰ ধৰি এই ধনৰাশি যান–বাহন খণ্ডত বিনিয়োগ কৰা হ’ব৷ যান–বাহন খণ্ডত ২.৩ লাখ কোটিতকৈ অধিক উৎপাদনৰ বাবে ৫ বছৰত পি এল আই আঁচনিৰ অধীনত ৪২,৫০০ কোটি টকা নতুনকৈ বিনিয়োগ কৰা হ’ব৷
যান–বাহন খণ্ড, যান–বাহন সামগ্রী উদ্যোগ আৰু ড্র’ন উদ্যোগৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ বাবে মোদী কেবিনেটে এই ধনৰাশিত অনুমোদন জনোৱা হয়৷ ড্র’ন উদ্যোগত ১২০ কোটি টকা বিনিয়োগ কৰা হ’ব৷ ইপিনে টেলিকম খণ্ডৰ কাৰণে সাহায্য পেকেজত মোদী কেবিনেটে অনুমোদন জনায়৷ এই খণ্ডটোত ধন আদায় দিবলগীয়া টেলিকম কোম্পানীসমূহক চাৰি বছৰৰ বাবে ধন আদায়ৰ ক্ষেত্রত সকাহ দিয়া হৈছে৷ চাৰি বছৰৰ পাছত এই কোম্পানীসমূহে ধনখিনি সুদসহ আদায় দিব লাগিব৷ তদুপৰি টেলিকম খণ্ডত ৫টা প্রক্রিয়াত সংস্কাৰ কৰি এই খণ্ডটোত ১০০ শতাংশ প্রত্যক্ষ বিদেশী বিনিয়োগ (এফ ডি আই)ৰ অনুমতি দিয়া হৈছে৷ এই এফ ডি আইৰ বাবে চৰকাৰৰ পৰা বিনিয়োগকাৰীয়ে কোনোধৰণৰ অনুমতি ল’ব নালাগে৷
কেবিনেটৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি আন এগৰাকী কেবিনেট মন্ত্রী অশ্বিনী বৈষ্ণৱে টেলিকম খণ্ডত চৰকাৰে সংস্কাৰ কৰা বিষয়টো বিতংভাৱে বর্ণনা কৰে৷ চলিত বিত্তীয় বর্ষৰ শেষৰফালে টেলিকম খণ্ডৰ নিলাম প্রক্রিয়া হ’ব বুলিও মন্ত্রীগৰাকীয়ে প্রকাশ কৰিছে৷ তদুপৰি কে ৱাই চি ডিজিটাইজেচন হ’ব বুলি ঘোষণা কৰি মন্ত্রী বৈষ্ণৱে কয় যে এতিয়াৰে পৰা কে ৱাই চি ডিজিটেল হ’ব৷ কোনোধৰণৰ কাগজ–পত্রৰে এই ব্যৱস্থা নচলিব৷ ৪জি আৰু ৫জিৰ কাৰণে কোৰ আৰু ৰেডি’ এছেজ টেকন’লজী শীঘ্রেই দেশত মোতায়েন কৰা হ’ব বুলিও মন্ত্রীগৰাকীয়ে ঘোষণা কৰে৷