নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুই দশকৰ পাছতো চিবিএছইৰ স্বীকৃতি নাপালে “থ্ৰী ইডিয়টছ”ৰ স্কুলে

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ প্ৰতিষ্ঠাৰ দুই দশকতকৈও অধিক কাল অতিক্ৰম কৰাৰ পাছতহ লাডাখৰ ড্ৰাক পদ্মা কাপুৰ স্কুলে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (চিবিএছই)ৰ স্বীকৃতি লাভ কৰা নাই৷ “ৰেনচোছ স্কুল” নামেৰে জনপ্ৰিয় হৈ পৰা বিদ্যালয়খনে চিবিএছইৰ অন্তভুৰ্ক্ত হ’বলৈ ৰাজ্য চৰকাৰৰপৰা যি এন’অচিৰ প্ৰয়োজন সেয়া হৈ উঠা নাই৷ আমীৰ খানৰ বহুচৰ্চিত ছবি “থ্ৰী ইডিয়টছ”ত ২০১৯ চনতে প্ৰদৰ্শিত আদৰ্শ বিদ্যালয়খন বৰ্তমান জম্মু-কাশ্মীৰ ৰাজ্যিক শিক্ষা পৰিষদৰ অধীনত আছে৷

বিদ্যালয়খনৰ অধক্ষ্য মিংগুৰ অগমোৱে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, তেওঁলোকে কেইবাবছৰ পূৰ্বৰেপৰা চিবিএছইৰ অন্তভুৰ্ক্তি বিচাৰি আহিছে যদিও সেয়া এতিয়াও হৈ উঠা নাই৷

অধ্যক্ষগৰাকীয়ে কয় যে, প্ৰয়োজনীয় আন্তঃগাঁথনি, উন্নত ফলাফল, শিক্ষাদানৰ নিত্য নতুন উদ্ভাৱনী কৌশল প্ৰদৰ্শন কৰি অহা সত্ত্বেও ৰাজ্যিক শিক্ষা ব’ৰ্ডে বিদ্যালয়খনক এন’অচি দিয়া নাই৷

অৱশ্যে চলিত বৰ্ষতে বিদ্যালয়খনে প্ৰয়োজনীয় নথি লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰিছে৷

-দীপক কুৰ্মী

You might also like