সংঘর্ষজর্জৰ দেশত দুর্ভিক্ষৰ গ্রাসত ৩ কোটি লোক
নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ সংঘর্ষজর্জৰিত বিশ্বৰ বিভিন্ন দেশত তিনি কোটিতকৈ অধিক লোক ভয়াৱহ সংকটৰ সন্মুখীন হৈছে৷ সংঘর্ষৰ বাবেই অনাহাৰ আৰু অপুষ্টিত ভুগিছে এই লোকসকলে৷ অর্থাৎ ভয়াৱহ খাদ্য সংকটে এই লোকসকলৰ জীৱনলৈ নমাই আনিছে অমানিশা৷ এই দেশসমূহৰ ভিতৰত অধিকসংখ্যকেই হৈছে আফ্রিকান ৰাষ্ট্র৷ ইফালে, ৰক্তক্ষয়ী সংঘাত, আনফালে ক’ভিড মহামাৰী আৰু জলবায়ু পৰিৱর্তনৰ প্রতিকূল প্রভাৱে পৰিস্থিতি অধিক জটিল কৰি তুলিছে বুলি বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্টনি’ গুটেৰেছে সতর্কবাণী কৰিছে৷ আফ্রিকাৰ ছাহেল, দক্ষিণ ছুডান, য়েমেন আৰু আফগানিস্তানৰ পৰিস্থিতি এতিয়া অকল্পনীয় হৈ পৰা বুলিও গুটেৰেছে আক্ষেপ কৰিছে৷ সচিবপ্রধানগৰাকীৰ্ মতে এই অঞ্চলসমূহ সর্বাত্মকভাৱে দুর্ভিক্ষৰ কবলত পৰিবলৈ আগবাঢ়িছে৷ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদে খাদ্য আৰু নিৰাপত্তা বিষয়ৰ এক গুৰুত্বপূর্ণ বৈঠকত সচিবপ্রধানগৰাকীয়্ কয় যে তাৎক্ষণিকভাৱে সাহায্য অভিযান ক্ষিপ্রতৰ নকৰিলে এই লোকসকলৰ গৰিষ্ঠসংখ্যকে দুর্ভিক্ষত প্রাণ হেৰুৱাব লাগিব৷ দক্ষিণ ছুডানত মুঠ জনসংখ্যাৰ ৬০ শতাংশতকৈ অধিক লোক ভয়াৱহ বুভুক্ষাৰ সন্মুখীন হৈছে৷ বিগত বর্ষটোত কংগো ভয়ংকৰ খাদ্য সংকটৰ সন্মুখীন হৈছিল বুলিও উল্লেখ কৰে গুটেৰেছে৷ শেহতীয়াকৈ ইথি’পিয়াৰ টিগ্রে অঞ্চলৰ পৰিস্থিতিক লৈও উদ্বেগ প্রকাশ কৰিছে সচিব প্রধানগৰাকীয়ে৷ লক্ষণীয়ভাৱে আন্তর্জাতিক সংস্থা অ’ক্সফামে আজি দুর্ভিক্ষ মানৱসৃষ্ট বুলি ইতিমধ্যে অভিহিত কৰিছে৷