নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০ হাজাৰ ফুট উচ্চতাত বিমানত সন্তান জন্ম আফগান মহিলাৰ

নিয়মীয়া বাৰ্তা ৩০ আগষ্টঃ আফগানিস্তানৰ পৰা উদ্ধাৰ কৰা এগৰাকী ২৬ বছৰীয়া মহিলাই ৩০ হাজাৰ ফুট উচ্চতাত মাজ আকাশতে বিমানত সন্তান জন্ম দিয়া ঘটনাক লৈ সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷ ছোমান নুৰি নামৰ মহিলাগৰাকীৰ প্রসৱ যন্ত্রণা আৰম্ভ হৈছিল বিমানখনে উৰিবলৈ লোৱাৰ পিছ মুহূর্ততে৷ এই মহিলাগৰাকীক মাজ আকাশত সন্তান প্রসৱ কৰাৰ ক্ষেত্রত বিভিন্ন ধৰণে সহায় কৰে তুৰস্কৰ এয়াৰ লাইনছৰ কর্মীসকলে৷ বিমানখনে গৈ কালি ব্রিটেইনত অৱতৰণ কৰে৷

উল্লেখনীয় যে তুৰস্কৰ সংবাদ মাধ্যমৰ উদ্ধৃতি দি এই কথা সদৰী কৰিছে সংবাদ সংস্থা এ পিয়ে৷ শুকুৰবাৰে নিশা কাবুলৰ পৰা ডুবাই অভিমুখে ব্রিটেইনৰ বিমানখনত যাত্রা কৰিছিল ছোমান আৰু তেওঁৰ স্বামীয়ে৷ পৰৱর্তী সময়ত বার্মিংহামগামী বিমানখনেৰে তেওঁলোকে ব্রিটেইনলৈ যোৱাৰ সিদ্ধান্ত লয়৷ উল্লেখনীয় যে ইয়াৰ পূর্বে আমেৰিকাৰ সামৰিক বিমান এখনত অন্য এগৰাকী আফগান মহিলাই জন্ম দিছিল এটি কন্যা সন্তান৷ তালিবানৰ দখললৈ আফগানিস্তান যোৱাৰ পিছতে দেশখনৰ বহু নাগৰিকে বিদেশলৈ এনেদৰে যাত্রা কৰিছে৷ এই সময়ছোৱাত বহু প্রত্যাহ্বানৰ মুখামুখি হ’বলগীয়া হৈছে আফগান মহিলা আৰু শিশুসকল৷

You might also like