নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্রুগড়-দিল্লী ৰাজধানী এক্সপ্রেছত ৪৩ কোটিৰ চোৰাং সোণ জব্দ, ৮জনক গ্রেপ্তাৰ

গুৱাহাটীত ঘাটি পাতি ম্যানমাৰৰ পৰা সৰবৰাহ চোৰাং সোণ

নিয়মীয়া বাৰ্তা, ৩০ আগষ্টঃ ৰাজ্যৰ মাজেৰে অব্যাহত আছে চোৰাং সোণৰ বেহা৷ ম্যানমাৰৰ পৰা স্মাগলিং কৰা সোণ দেশৰ বিভিন্ন প্রান্তলৈ সৰবৰাহ চলি থকা বুলি উত্থাপিত অভিযোগৰ সত্যতা প্রমাণ কৰি দিল্লীৰ ৰে’ল ষ্টেচনত জব্দ কৰা হ’ল বৃহৎ পৰিমাণৰ সোণ৷ ডিব্রুগড়–নতুন দিল্লী ৰাজধানী এক্সপ্রেছত অভিযান চলাই পৰহি দিল্লীত ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে জব্দ কৰিছে ৪৩ কোটি টকা মূল্যৰ সোণ৷

এক গোপন সূত্রৰ পম খেদি নতুন দিল্লী ৰে’ল ষ্টেচনত ৰাজধানী এক্সপ্রেছখন উপস্থিত হোৱা লগে লগে সঞ্চালকালয়ে অভিযান চলাই এই সোণখিনি জব্দ কৰাৰ লগতে আঠজন লোকক গ্রেপ্তাৰ কৰে৷ প্রাপ্ত তথ্য অনুসৰি পিন্ধা কাপোৰত লোককেইজনে বিশেষভাৱে লুকুৱাই লৈ গৈছিল এই সোণখিনি৷

ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে প্রকাশ কৰা অনুসৰি তেওঁলোকে জব্দ কৰা ৫০৪ডাল সোণৰ বাৰ ম্যানমাৰৰ পৰা স্মাগলিং কৰা হৈছিল৷ মণিপুৰৰ ম’ৰেস্থিত আন্তঃৰাষ্ট্রীয় সীমাৰে এই সোণখিনি স্মাগলিঙৰ চেষ্টা কৰা হৈছিল৷ জানিব পৰা মতে, গুৱাহাটীৰ এটা স্মাগলিং চক্রই এই সোণসমূহ ম্যানমাৰৰ পৰা আনি দেশৰ বিভিন্ন প্রান্তলৈ সৰবৰাহ কৰি আহিছে৷

বিশেষকৈ দিল্লী–কলকাতা আৰু মুম্বাইত এই চোৰাং সোণৰ এখন বৃহৎ বজাৰ আছে৷ ইপিনে, সোণ স্মাগলিঙৰ বাবে এই অসাধু চক্রটোৱে দেশৰ বিভিন্ন প্রান্তৰ দুখীয়া লোকসকলক সহয়কাৰী হিচাপে ব্যৱহাৰ কৰি আহিছে৷ ধনৰ লোভ দেখুৱাই এই লোকসকলক সোণ স্মাগলিঙত ব্যৱহাৰ কৰে এই চক্রটোৱে৷সঞ্চালকালয়ৰ বিষয়াসকলে প্রকাশ কৰা অনুসৰি স্থানীয়ভাৱে সোণ সৰবৰাহৰ বাবে স্মাগলাৰসকলে বায়ু, স্থল আৰু ৰে’লপথ ব্যৱহাৰ কৰি আহিছে৷

জব্দ কৰা এই সোণখিনি ৯৯.৯ শতাংশ বিশুদ্ধ৷ উল্লেখ্য যে ইয়াৰ পূর্বেও ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে অসমৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন ৰাজ্যত চোৰাং সোণ জব্দ কৰি আহিছে৷ বিশেষকৈ আন্তঃৰাষ্ট্রীয় সীমাৰে ম্যানমাৰ হৈ এই চক্রটোৱে চোৰাং সোণ সৰবৰাহ কৰি আহিছে৷

You might also like