নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুলাইত ফ্রান্সৰ পৰা পাবহি ৪খন ৰাফেল

নিয়মীয়া বাৰ্তা ১৬ মেঃ চুবুৰীয়া পাকিস্তান আৰু চীনৰ সৈতে সীমান্তত চলি থকা উত্তেজনাৰ মাজতে ভাৰতে ফ্রান্সৰ সৈতে কৰা চুক্তি অনুসৰি অহা জুলাই মাহৰ শেষৰফালে চাৰিখনকৈ ৰাফেল যুদ্ধবিমান লাভ কৰাৰ সম্ভাৱনা আছে৷ ভাৰতলৈ আনিব লগা ৰাফেল যুদ্ধবিমানৰ চূড়ান্ত তাৰিখ নিশ্চিত হোৱা নাই৷ ক’ভিড–১৯ মহামাৰী আৰু লকডাউনৰ পৰিপ্রেক্ষিতত দুয়োখন দেশেই সময় সলনি কৰাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে পূর্বৰ সূচী অনুসৰি ৰাফেল যুদ্ধবিমান মে’ মাহতে ভাৰতলৈ অনাৰ কথা আছিল যদিও ক’ৰোনা ভাইৰাছ মহামাৰীৰ বাবে সেই সিদ্ধান্তত কিছু সালসলনি কৰিব লগা হয়৷ বায়ুসেনাৰ প্রধান আৰ কে এছ ভাদুৰিয়াই জনোৱা মতে, প্রথম চাৰিখন যুদ্ধবিমানৰ তিনিখন দ্বৈত আসনৰ আৰু এখন একক আসনৰ ৰাফেল৷ এই চাৰিওখন যুদ্ধবিমান জুলাই মাহৰ শেষৰফালে আম্বালা এয়াৰবেছলৈ অনা হ’ব৷ উল্লেখ্য যে ভাৰতে ফ্রান্সৰ সৈতে প্রথম পর্যায়ৰ চুক্তিত ৩৬খন অত্যাধুনিক ৰাফেল যুদ্ধবিমান ক্রয় কৰিছে

You might also like