নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ ক’ৰোনাৰ ফলত বিধ্বস্ত হৈ পৰিছে দেশৰ অৰ্থনীতি। কিন্তু শেহতীয়া পৰিসংখ্যা মতে ক’ৰোনাৰ যেতিয়া নাছিল, তেতিয়াও দেশৰ অর্থব্যৱস্থা ভাল নাছিল বুলি প্ৰকাশ পাইছে।
নেচনেল ক্রাইম ৰেকর্ড ব্যুৰো (NCRB) এক পৰিসংখ্যাত প্রকাশ কৰিছে, বিগত ২০১৯ চনত সমগ্ৰ দেশত ৪২,৪৮০ জন কৃষক, দিনমজুৰে আত্মহত্যা কৰিছে। য’ত এই কৃষক আৰু দিনমজুৰসকলৰ আত্মহত্যাৰ প্ৰধান কাৰণ আছিল আর্থিক অনাটন!
পৰিসংখ্যা মতে, ২০১৮ চনৰ তুলনাত ২০১৯-ত আত্মহত্যাৰ ঘটনা বৃদ্ধি পাইছে ৬ শতাংশ।
বিগত বছৰ দেশত ১০ হাজাৰ ২৮১ জন কৃষকে আত্মহত্যা কৰিছিল। ২০১৮ চনত সেই সংখ্যা আছিল ১০ হাজাৰ ৩৫৭। বিপৰীতে বিগত বছৰ ৩২,৫৫৯ জন দিনমজুৰে আত্মহত্যাৰ পথ বাছি লৈছিল। ২০১৮ চনত বাধ্য হৈ আত্মহত্যা কৰিছিল ৩০,১৩২ জন দিনমজুৰে।