৪ জুলাইত ক’ভিড মহামাৰীৰ পৰা মুক্ত হ’ব পাৰে আমেৰিকাঃ বাইডেন
নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ ক’ভিড–১৯ মহামাৰীৰ পৰা আমেৰিকা মুক্ত হ’ব আগন্তুক চাৰি জুলাইত৷ যদি দেশখনৰ সকলো লোকে ক’ভিডৰ ভেকচিন লয়, তেন্তে ৪ জুলাইত ক’ভিড মহামাৰীৰ পৰা মুক্ত হৈ আমেৰিকাই ‘নতুন স্বাধীনতা’ উদ্যাপন কৰিব পাৰিব বুলি আশা প্রকাশ কৰিছে ৰাষ্ট্রপতি জ’ বাইডেনে৷ আগন্তুক ১ মে’ৰ ভিতৰত আমেৰিকাৰ প্রতিখন প্রদেশৰ জ্যেষ্ঠ লোকসকলক ক’ভিড ভেকচিন প্রদান কৰাৰ বাবে ইতিমধ্যে নির্দেশনা জাৰি কৰিছে জ’ বাইডেনে৷ বর্তমান সময়ত ক’ভিড ভেকচিন প্রদানৰ ক্ষেত্রত বয়স আৰু স্বাস্থ্যৰ অৱস্থাক অধিক গুৰুত্ব প্রদান কৰা হৈছে৷ উল্লেখনীয় যে ক’ভিড–১৯ক অতিমাৰী আখ্যা দিয়াৰ এবছৰ সম্পূর্ণ হোৱাৰ এদিন পিছতেই বাইডেনে এই কথা উল্লেখ কৰিছে৷ এতিয়ালৈকে ক’ভিড মহামাৰীত আমেৰিকাত প্রাণ হেৰুৱাইছে ৫ লক্ষাধিক লোকে৷ প্রথম, দ্বিতীয় বিশ্বযুদ্ধৰ উপৰি ভিয়েটনাম যুদ্ধত যিমানসংখ্যক আমেৰিকানৰ মৃত্যু হৈছিল, তাতকৈ ক’ভিড মহামাৰীত মৃত্যু হোৱা লোকৰ সংখ্যা বেছি৷ লক্ষণীয়ভাৱে আমেৰিকাত এতিয়াও ক’ভিড মহামাৰীৰ সংক্রমণৰ সংহাৰৰ বাবে বিভিন্ন স্থানত শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি ৰখা হৈছে৷ সেইদৰে বাণিজ্যিক প্রতিষ্ঠানসমূহতো মানি চলা হৈছে ক’ভিড প্রট’কল৷