নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যানমাৰত আৰক্ষীৰ গুলীত পুনৰ নিহত ৫ প্ৰতিবাদকাৰী

নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ ম্যানমাৰত জান্তাবিৰোধী প্ৰতিবাদত পুনৰ পাঁচজন প্ৰতিবাদকাৰী নিহত হৈছে। দেশখনৰ কেন্দ্ৰীয় চহৰ মিয়াইঙত সংঘটিত হৈছে এই ঘটনা। সংবাদ সংস্থা ৰয়টাৰৰ প্ৰতিবেদন মতে, বিক্ষোভ কৰি থকা অৱস্থাত আৰক্ষী বাহিনীয়ে গুলীচালনাৰ বাবে নিহত হয় পাঁচগৰাকী লোক আৰু আহত হয় এগৰাকী।

আহত প্ৰতিবাদকাৰীৰ অৱস্থাও সংকটজনক। উল্লেখ্য, ১ ফেব্ৰুৱাৰীত দেশখনত ৰক্তপাতহীন সামৰিক অভ্যুত্থান ঘটাৰ পিছত দেশৰ সকলো ক্ষমতা সেনাপ্ৰধান জেনেৰেল মিন ওং হ্লায়িঙে দখল কৰে আৰু গ্ৰেপ্তাৰ কৰা হয় আন চান চু-কিক।

ইয়াৰ ফলত ম্যানমাৰৰ জনসাধাৰণে জান্তা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে আৰু গণতন্ত্ৰ পুনৰুদ্ধাৰৰ দাবী কৰি আহিছে। আৰক্ষী আৰু সামৰিক আক্ৰমণত এতিয়ালৈকে ৬০ৰো অধিক প্ৰতিবাদকাৰী নিহত হৈছে আৰু ২০০০ জন গ্ৰেপ্তাৰ হৈছে।

আনহাতে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ম্যানমাৰত প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে হোৱা হিংসাৰ নিন্দা কৰাৰ লগতে সেনাক সংযত কৰিবলৈ আহ্বান জনায়।

You might also like