নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ন্যায়িক ব্যৱস্থাত মহিলাৰ ৫০ শতাংশ সংৰক্ষণৰ পক্ষত চিজেআই

নিয়মীয়া বাৰ্তা ২৭ ছেপ্টেম্বৰঃ ন্যায়িক ব্যৱস্থাত সকলো পর্যায়তে মহিলাৰ ৫০শতাংশ সংৰক্ষণৰ পক্ষত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামনা৷ চি জে আই এন ভি ৰামনাই দেওবাৰে উচ্চতম ন্যায়ালয়ৰ মহিলা অধিবক্তাৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰাৰ লগতে দেশৰ সকলো আইন মহাবিদ্যালয়ত মহিলাৰ কাৰণে আসন সংৰক্ষণৰো পোষকতা কৰে৷

উল্লেখ্য যে বর্তমান ন্যায়িক ব্যৱস্থাত মহিলাৰ নিয়োগ নিম্ন পর্যায়তে আছে৷ ন্যায়িক ব্যৱস্থাত ৩০ শতাংশতকৈও কম মহিলাৰ প্রতিনিধি৷ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়সমূহত মহিলাৰ প্রতিনিধি মাত্র ১১–১২ শতাংশহে৷ চি জে আই ৰামানাই কয় যে– দেশজুৰি ৬ হাজাৰ আদালত আছে৷ ইয়াৰে ২০ শতাংশত মহিলাৰ কাৰণে পৃথক টয়লেটৰ ব্যৱস্থা নাই৷ যাৰ পৰিণতিত মহিলা বিষয়াসকলে সমস্যাৰ সন্মুখীন হৈ আছে৷ আন্তঃগাঁথনিৰ অভাৱৰ বাবেই মহিলাৰ সমস্যা সমাধানত বাধা হৈ আছে৷

You might also like