নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাহুল গান্ধীৰ নামত লিখি দিলে সমস্ত সম্পত্তি… কিয়

বিশেষ বাৰ্তা, ৫ এপ্ৰিলঃ এগৰাকী ৭৮ বছৰীয়া মহিলা, নাম পুষ্পা মুঞ্জিয়াল। ডেৰাডুনৰ এইগৰাকী মহিলাই তেওঁৰ সকলো সম্পত্তি কাৰ নাম দান কৰিছে জানেনে? ‘দেশক তেওঁৰ আৰু তেওঁৰ চিন্তাধাৰাৰ অতিকৈ প্ৰয়োজন আছে’ বুলি নিজৰ স্থাৱৰ-অস্থাৱৰ মিলাই ৫০ লাখ টকাৰ সম্পত্তি আৰু ১০ তোলা সোণ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নামত দিলে। ৰাহুলৰ চিন্তা-আদৰ্শত তেওঁ বাৰুকৈ উদ্বুদ্ধ। চৰকাৰী স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পুষ্পা মুঞ্জিয়াল অবিবাহিত। তেখেতৰ মতে, গান্ধী-নেহৰু পৰিয়ালৰ সদস্যই দেশৰ বাবে যি বলিদান দিছে সেই কথা সোঁৱৰিয়ে এনে সিদ্ধান্ত লৈছে। ৰাজ্যখনৰ প্ৰাক্তন অধ্যক্ষ প্ৰীতম সিঙৰ জৰিয়তে এই সম্পত্তি আইনীভাৱে প্ৰদান কৰিছে।

You might also like