নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চুৰিৰ অভিযোগ! ট্রাকৰ পাছফালে বান্ধি চোঁচোৰাই বর্বৰভাৱে হত্যা এজনক

তালিবানী আফগানিস্তানৰ নহয়, মধ্যপ্রদেশৰ শিহৰণকাৰী ঘটনা

নিয়মীয়া বাৰ্তা ৩০ আগষ্টঃ আফগানিস্তানৰ তালিবানী নৃশংসতা নহয়, ভাৰতৰ মধ্যপ্রদেশৰ শিহৰণকাৰী এক ঘটনাই দেশবাসীৰ চকু কপালত তুলিছে৷ চুৰিৰ অভিযোগত এজন জনজাতি সম্প্রদায়ৰ লোকক প্রথমতে নৃশংসভাৱে প্রহাৰ কৰাৰ পিছত ট্রাকৰ পাছফালে ৰছীৰে বান্ধি চোঁচোৰাই নিয়া হ’ল৷ কিছু সময় পিছতে এই লোকজনক উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে৷ নেট মাধ্যমত ঘটনাৰ ভিডি’ প্রকাশ কৰিছে মধ্যপ্রদেশৰ প্রাক্তন মুখ্যমন্ত্রী তথা কংগ্রেছ নেতা কমল নাথে৷

নেতাগৰাকীয়ে মধ্যপ্রদেশত এয়া কেনে শাসন চলিছে তাক লৈ প্রশ্ণৰ অৱতাৰণাও কৰিছে৷ জনজাতি সম্প্রদায়ৰ লোকজনৰ ওপৰত চলোৱা এই বর্বৰতাক লৈ সমগ্র ৰাজ্যখনতে সৃষ্টি হৈছে প্রতিক্রিয়া৷ অকল, মধ্যপ্রদেশেই নহয়, দেশৰ বিভিন্ন স্থানত এই ঘটনাটোক লৈ এতিয়া সৰৱ চর্চা চলিছে৷ বৃহস্পতিবাৰে মধ্যপ্রদেশৰ নিমছা জিলাৰ কালান গাঁৱত সংঘটিত হৈছে এই পাশৱিক ঘটনা৷ মধ্যপ্রদেশৰ জনজাতি ভীল সম্প্রদায়ৰ লোকজনৰ নাম কানহাইলাল৷ ৰাজপুত গুর্র্জৰ সম্প্রদায়ৰ কেইজনমান লোকে কানহাইলালক নৃশংস আতিশয্য চলোৱাৰ পিছত এনেদৰে ট্রাকৰ পাছফালে বান্ধি দিছিল৷ ইতিমধ্যে চাৰিজন লোকক আৰক্ষীয়ে গ্রেপ্তাৰো কৰিছে৷

You might also like