নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানুভৱতা: বৃক্ক দানেৰে মহিলাই জীৱন বচালে আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ ড্রাগ্ছ আসক্ত এগৰাকী মহিলাই পিছলৈ ড্রাগ্ছৰ পৰা মুক্ত হৈ বৃক্ক দানেৰে এগৰাকী আৰক্ষীৰ জীৱন ৰক্ষা কৰিলে৷ স্বাভাৱিকভাৱে এয়া এক মহানুভৱতাৰ নিদর্শন যদিও এই কার্যটি কিছু ব্যতিক্রম৷

কিয়নো ড্রাগ্ছত আসক্ত হোৱাৰ বাবেই আলাবামাৰ মহিলাগৰাকী আলাবামাৰে আৰক্ষীগৰাকীৰ হাতত কেইবাবাৰো গ্রেপ্তাৰ হৈছিল৷ গ্রেপ্তাৰ কৰা আৰক্ষীৰ প্রতি সাধাৰণতে অভিযুক্তৰ প্রচণ্ড ক্ষোভ, ঘৃণা মনত নিহিত হৈ থাকে যদিও আলাবামাৰ ৪০ বছৰীয়া যোচেলিন জেমছ নামৰ মহিলাগৰাকীয়ে সকলো পাহৰি মহানুভৱতাৰ উজ্জ্বল নিদর্শন দেখুৱালে৷

২০০৭ চনৰ পৰা ২০১২ চনৰ ভিতৰত জেমছক টেৰিল পটাৰ নামৰ আৰক্ষীজনে ১৬ বাৰ গ্রেপ্তাৰ কৰিছিল৷ এনেদৰে গ্রেপ্তাৰ কৰাৰ পিছত অৱশেষত মহিলাগৰাকীৰ সচেতনতা উপলব্ধি কৰিবলৈ সক্ষম হয় আৰু ড্রাগ্ছৰ পৰা মুক্ত হয়৷ এদিন ফেচবুকত পটাৰৰ বৃক্কৰ বাবে কন্যাই আবেদন কৰাৰ তথ্য পোৱাৰ পিছতহে জেমছে স্ব–ইচ্ছাৰে আৰক্ষীগৰাকীক বৃক্ক দান কৰে৷

You might also like