নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হংকঙত বন্ধ হৈ পৰিল গণতন্ত্রৰ সপক্ষত থকা কাকত ‘আপেল ডেইলী’

নিয়মীয়া বাৰ্তা ২৫ জুনঃ হংকঙৰ নতুন নিৰাপত্তা আইনীৰ প্রতি ভাবুকি সৃষ্টি কৰি অহাৰ অভিযোগত গণতন্ত্রৰ সপক্ষত থকা সংবাদপত্র ‘আপেল ডেইলী’ৰ প্রকাশ কালি বন্ধ হৈ পৰে৷ ২৬ বছৰ পাছত সংবাদ পত্রখনৰ প্রকাশ বন্ধৰ নির্দেশ দিয়ে আদালতে৷ লক্ষণীয়ভাৱে কালি সংবাদপত্রখনৰ কার্যালয়ৰ বাহিৰত নিশা হাজাৰ হাজাৰ লোক উপস্থিত হৈ চৰকাৰবিৰোধী শ্লোগান দিয়ে৷ অকল সেয়াই নহয়, অন্তিম দিনা কাকতখনৰ প্রকাশৰ ক্ষেত্রতো এক অভিলেখ সৃষ্টি হয়৷ কালি মুঠ ১০ লাখ কপী কাকত ছপা কৰি উলিওৱা হয় অন্তিমবাৰৰ বাবে৷

You might also like